দক্ষিণ কামৰূপ, 5 নৱেম্বৰঃ গোৱালপাৰা আৰু কামৰূপ জিলাৰ কৃষকক লৈ কাহিকুছিৰ কৃষি গৱেষণা কেন্দ্ৰত আলোচনা সভা মন্ত্ৰী অতুল বৰাৰ ৷ কৃষক সকলক কৃষিৰ দ্বাৰা কেনেকৈ দুগুন লাভান্বিত হ'ব পাৰি তাৰ উদ্দেশ্যে দুয়োখন জিলাৰ কৃষকক লৈ আয়োজন কৰা হয় এই আলোচনা সভাৰ ৷ লগতে তেওঁ বিভিন্ন ধৰণৰ কৃষিৰ লগতে জালুক আৰু হালধিৰ খেতিৰ ক্ষেত্ৰত ৰাজ্যত অধিক সম্ভাৱনা আছে বুলিও মন্তব্য প্ৰদান কৰে ৷
ইয়াৰোপৰি 2022 চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষকৰ উপাৰ্জন দুগুন কৰাৰ লক্ষ্য হাতত লোৱাৰ কথা সোঁৱৰাই ৰাজ্য চৰকাৰেও কৃষকৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কৃষকসকলক বিভিন্ন ৰাজসাহায্যৰ ঋণ দিয়াৰ লগতে পাৱাৰটিলাৰ তথা পাম্পকে আদি কৰি বিভিন্ন কৃষিৰ লগত জড়িত সামগ্ৰী বিতৰণ কৰি কৃষকক সহায় কৰি থকা হৈছে বুলি জনাই মন্ত্ৰী অতুল বৰাই ৷ উক্ত সভাখনত কেইবাগৰাকীও কৃষি বিজ্ঞানীৰ লগতে চৰকাৰী বিষয়াও উপস্থিত থাকে ৷