তামুলপুৰ, 9 মেঃ তামুলপুৰৰ ২নং বেটাগাঁওত পুঠিমাৰী নৈৰ সংহাৰী ৰূপ। পুঠিমাৰীৰ ফলত চপৰা চপৰে খহিছে নৈৰ গৰা। সেয়ে চৰকাৰৰ আশা এৰি নিজ ভেটি-মাটি ৰক্ষাৰ স্বাৰ্থত গৰাখহনীয়া ৰখোৱাৰ চেষ্টা একাংশ লোকৰ ৷ প্ৰতি বছৰে গাঁওখনৰ বহু লোকে গৰাখহনীয়াৰ ফলত সৰ্বস্বান্ত হৈ আহিছে যদিও ৰাইজসকলৰ প্ৰতি আওকাণ কৰিছে জলসম্পদ বিভাগে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি খহনীয়া ৰোধ কৰিবলৈ অহা ধন সৰকোৱাৰ ফাণ্ড পাতিছে বিভাগটোৱে ৷
ইয়াৰোপৰি ৰাইজৰ অভিযোগ একাংশ ব্যৱসায়ীয়ে নৈ খনৰ পৰা শিল বালি সংগ্ৰহ কৰাৰ বাবে নৈ খনৰ বুকুত য'তে-ত'তে খনন কৰে ফলত নৈ খনে সুতি সলাই ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এনে কাৰ্যত বাধা প্ৰদান কৰিলে ব্যৱসায়ী সকলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে বুলি সাংবাদিকক জনায় ৷ লগতে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুয়েল মুছাহাৰীয়েও এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷