ETV Bharat / bharat

ভাই, ভুল নম্বৰত ডায়েল কৰিলে আপোনালোকে ! কাক ক’লে ? কোনে ক'লে ? - CM HIMANTA BISWA SARMA

মোনাৰ ভিতৰত থাকে মোদীয়ে দিয়া চাউল, মোনাৰ বাহিৰত থাকে হেমন্ত ছোৰেণৰ ফটো ৷

CM HIMANTA BISWA SARMA
ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 8:14 PM IST

Updated : Nov 2, 2024, 8:28 PM IST

পলামু (ঝাৰখণ্ড): অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাসকলে ভুল নম্বৰত ডায়েল কৰিছে । শনিবাৰে ঝাৰখণ্ডৰ পলামুৰ লেছলিগঞ্জত নিৰ্বাচনী সভাত ভাষণ দিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "আজি ঝাৰখণ্ডত এটা বিশেষ সম্প্ৰদায়ৰ লোকে একত্ৰিতভাৱে ভোটদান কৰে যদিও আন সম্প্ৰদায়ৰ লোকসকল নিজৰ মাজতে বিভক্ত । ঝাৰখণ্ডৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকে কংগ্ৰেছ, ঝাৰখণ্ড মুক্তি মৰ্চা, ৰাষ্ট্ৰীয় জনতা দলক ভোট দিয়ে । আমি একত্ৰিত হৈ থাকিলেহে সুৰক্ষিত হ’ম ।"

তেওঁ কয় যে ঝাৰখণ্ড হৈছে ছিদো-কানহু, নীলাম্বৰ-পিতাম্বৰ আৰু ভগৱান বীৰছা মুণ্ডাৰ ভূমি । হুছেইনাবাদ নামটো কিয় দিয়া হ’ল বুলি তেওঁ সুধিছিল, কিন্তু কোনেও কোনো উত্তৰ নিদিলে । "মই সোধাৰ কাৰণে তেওঁলোকৰ খং উঠিল আৰু গোচৰ ৰুজু কৰিলে ।" ড৹ শৰ্মাই কয় ৷

ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

লগতে পঢ়ক: ঝাৰখণ্ডত বাণ্টি-বাবলিৰ চৰকাৰ চলি আছে: হিমন্ত বিশ্ব শৰ্মা

ঝাৰখণ্ডৰ প্ৰশ্নকাকত বিক্ৰী হয় নেপালত

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "ঝাৰখণ্ডৰ যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত নেপালত বিক্ৰী হয় । সকলো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হয়, যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয় তেন্তে প্ৰথম মন্ত্ৰীসভাতে চি জি এল পৰীক্ষা বাতিল কৰা হ'ব । চি জি এলৰ পৰীক্ষা বাতিল নোহোৱালৈকে ঝাৰখণ্ড এৰি নাযাও । ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ প্ৰথমখন কেবিনেটত ২.৮৭ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদানৰ ঘোষণা কৰা হ’ব ।"

হেমন্তৰ মোনাত নৰেন্দ্ৰ মোদীৰ চাউল !

অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী ড৹ শৰ্মাই লগতে কয়, "ঝাৰখণ্ডত হেমন্ত ছোৰেণৰ ফটো থকা বেগত চাউল বিতৰণ কৰা হৈছে । কিন্তু এই চাউল নৰেন্দ্ৰ মোদীৰ । বেগত থকা ফটোখন নৰেন্দ্ৰ মোদীৰ হ’ব লাগে । বৰকঠাত এগৰাকী মহিলাৰ লগত কথা পাতোতে মহিলাগৰাকীয়ে স্পষ্টকৈ ক’লে যে বেগত থকা ফটোখন হেমন্ত ছোৰেণৰ, কিন্তু চাউল নৰেন্দ্ৰ মোদীৰ ।" তেওঁ কয় যে এই নিৰ্বাচন ঝাৰখণ্ডৰ পৰিচয়ৰ বাবে যুঁজ দিয়াৰ নিৰ্বাচন । যদি তেওঁলোকৰ চৰকাৰ গঠন হয় তেন্তে অনুপ্ৰৱেশকাৰীক আইনী উপায়েৰে ঝাৰখণ্ডৰ পৰা বাহিৰলৈ দলিয়াই দিয়া হ’ব ।

লগতে পঢ়ক: সন্থালত হিন্দুৰ জনসংখ্যা ৯০ৰ পৰা ৬৭ শতাংশলৈ হ্ৰাস পাইছে : হিমন্ত বিশ্ব শৰ্মা

নক্সালবাদী আৰু অপৰাধীয়ে সহায় কৰিছে: ৰবীন্দ্ৰ ৰায়

ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰী সভাপতি ৰবীন্দ্ৰ ৰায়ে কয় যে নক্সালবাদী সন্ত্ৰাসৰ বাবে ঝাৰখণ্ডত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । বিজেপি শাসনৰ বাবেই উগ্ৰপন্থী আৰু অপৰাধীক নিয়ন্ত্ৰণ কৰা হৈছে । কিন্তু পুনৰ অপৰাধী আৰু নক্সালবাদীয়ে মূৰ তুলিছে । কংগ্ৰেছ, জে এম এম আৰু আৰ জে ডিৰ মানুহ নক্সালবাদী অপৰাধীৰ ৰক্ষক । এই লোকসকলে তেওঁলোকৰ সুবিধা লয় । এই ৰাজহুৱা সভাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সহ-বিধায়ক শশীভূষণ মেহতা, জিলা সভাপতি অমিত তিৱাৰী, লাভলী গুপ্তাকে ধৰি বহু লোকে ভাষণ দিয়ে ।

Last Updated : Nov 2, 2024, 8:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.