ছয় গাঁও, 1 আগষ্টঃ ছয়গাঁৱৰ গৰৈমাৰী ভলুকাবাৰীত নৃশংস হত্যাকাণ্ড ৷কোনো দুৰ্বৃত্তই চাদিকুল ইছলাম নামৰ ২২ বছৰীয়া এজন যুৱকক হত্যা কৰে ৷
নিশা প্ৰায় ১০ বজাত এটা ফোনকল অহা বুলি মাকক কৈ ঘৰৰ পৰা ওলাই গৈছিল চাদিকুল ইছলাম ৷ নিশা ভাত খাই ওলাই যোৱাৰ পিচত ঘৰলৈ উভতি অহা নাছিল যুৱকজন ৷ পুৱা পথৰ ওপৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহটো ৷ প্ৰেমজনিত কাৰণতে হত্যাকাণ্ডটো সংঘটিত হ’ব পাৰে সন্দেহ কৰিছে পৰিয়ালে ৷ ইতিমধ্যে প্ৰেমিকাৰ পিতৃ ছাইদুৰ ৰহমানৰ বিৰুদ্ধে হত্যাৰ লগত জড়িত থকা বুলি অভিযোগ কৰিছে পৰিয়ালে ৷ তাৰোপৰি যুৱকজনৰ ঘৰত উদ্ধাৰ হৈছে প্ৰেমিকাই তেজেৰে লিখা কেইবাখনো প্ৰেম-পত্ৰ ৷ইতিমধ্যে জোৰশিমলু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷