ছয় গাঁও, ১১ জুলাইঃ কামৰূপ জিলাৰ বকো-ছয়গাঁও বানৰ কৱলত । বিস্তৰ ক্ষতিসাধন ৰাইজৰ । কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা প্ৰশাসন ।
যোৱা কেইবাদিন ধৰি একে লেঠাৰিয়ে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ জিলাৰ বকো-ছয়গাঁও বানৰ কৱলত পৰিছে ৷ মুষলধাৰ বৰষুণৰ ফলত দক্ষিণৰ পাহাৰীয়া অঞ্চলৰ পানী তীব্ৰ গতিত নামি অহাত নামনি অঞ্চলৰ কৃষি পথাৰ সম্পূৰ্ণ ৰূপে ডুৱাই পেলোৱাত কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ অঞ্চলটোত প্লাৱিত হৈ বকো ৰাজহ চক্ৰ এলেকাধীন প্ৰায় অৰ্ধশতাধিক গাঁৱৰ ৰাস্তা-ঘাট ডুৱাই পেলোৱাৰ ফলত বিঘ্নিত হৈ পৰিছে যাতায়ত ব্যাৱস্থা ৷ বানে ভয়াৱহ ৰূপ ধাৰণ কৰাত নিশাৰ ভিতৰতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পাৰী বাগৰাৰ আশংকা কৰি শিংৰা অঞ্চলৰ একাংশ লোক বাসগৃহ এৰি ওখ স্থানত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে ৷ দিৰিমা, খলিহা, তাৰাবাৰী, ভোগদাবাৰী অঞ্চলত দীৰ্ঘদিনে মেঘালয়ৰ পানী জ্বলাকলা খুৱাই আহিছে ৷ দীৰ্ঘদিন ধৰি ৰাইজে দিৰিমাৰ পৰা কঠালকুচিলৈ আঢ়ৈ কিঃমিঃ মাথাউৰি নিৰ্মানৰ দাবী জনায় আহিছিল যদিও চৰকাৰে ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়াত প্ৰতিবছৰে ৰাইজ ক্ষতিসাধন হৈ অহাৰ অভিযোগ ৷
লগতে আন এটা বাতৰি - চিৰাঙত আইৰ তাণ্ডৱঃ উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল