আমিনগাঁৱত লণ্ড-ভণ্ড শক্তি বিভাগৰ কাৰ্যালয় - সাংবাদিক
আমিনগাঁও নামনি অসম শক্তি বিতৰণ কেন্দ্ৰ লিমিটেডৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে লণ্ড-ভণ্ড কৰে কাৰ্যালয়ৰ আচবাব ৷
আমিনগাঁও,8 আগষ্ট : বুধবাৰে নিশা আমিনগাঁও নামনি অসম শক্তি বিতৰণ কেন্দ্ৰ লিমিটেডৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে লণ্ড-ভণ্ড কৰে কাৰ্যালয়ৰ আচবাব ৷ সঘনাই হোৱা বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ পৰে বৃহত্তৰ আমিনগাঁও-উত্তৰ গুৱাহাটীবাসী ৷ ইফালে, বিদ্যুত কৰ্তনৰ বিৰূপ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনাত ৷ সাধাৰণ ৰাইজক উপেক্ষিত কৰি বৃহৎ কমিচনৰ অংকত উদ্যোগ সমূহক বিভাগটোৱে অবিৰত বিদ্যুত যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইয়াৰ অন্তৰালত উদ্যোগপতিৰে বিদ্যুত বিভাগৰ বিষয়া,কৰ্মচাৰীৰ লগত গোপন বুজা-বুজিৰ গভীৰ ৰহস্য থকাৰো অভিযোগ উত্থাপিত হৈছে । আমিনগাঁও বিদ্যুত বিভাগৰ অনভিজ্ঞ আৰু দায়িত্ব বাহক SDO আৰু JE ৰ বাবেই অঞ্চলবাসীয়ে দুৰ্ভোগ ভুগিছে বুলিও মন্তব্য কৰে একাংশই ৷
আনহাতে, বুধবাৰে নিশা আমিনগাঁওস্থিত অসম শক্তি বিতৰণ কেন্দ্ৰৰ বিদ্যুত নিয়ন্ত্ৰণ কক্ষত উপস্থিত হয় স্থানীয় ৰাইজ আৰু সাংবাদিক ৷ সাংবাদিক আৰু স্থানীয় ৰাইজে সুৰাপান কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে কৰ্মচাৰীসকলক ৷ ইফালে, সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে সুৰাৰ ৰাগীত মগ্ন কৰ্মচাৰীসকলে ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শক্তি বিভাগৰ নিয়ন্ত্ৰণ কক্ষই 99541-90727 আৰু 9954190730 এই নম্বৰ দুটা গ্ৰাহকৰ সুবিধাৰ্থে দিছিল যদিও ফোন সমূহ বন্ধ কৰি থয় নিয়ন্ত্ৰণ কক্ষত থকা কৰ্মচাৰীসকলে । ইয়াকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ । বিদ্যুত যোগান নিয়মীয়া কৰাৰ বাবে বিভাগটোৰ মন্ত্ৰীৰ লগতে স্থানীয় বিধায়কলৈ দাবী জনায় স্থানীয় ৰাইজে ৷
V/O= নিশা আমিনগাও নামনি অসম শক্তি বিতৰক কেন্দ্ৰ লিমিটেডৰ কাৰ্যলয়ত উত্তপ্ত পৰিস্থিতি । উত্তেজিতে ৰাইজে লণ্ড ভণ্ড কৰিলে কৰ্যলয়ৰ আচবাব । সঘনাই হোৱা বিদ্যুত কৰ্তনত অতিষ্ঠ বৃহত্তৰ আমিনগাওঁ-উত্তৰ গুৱাহাটীবাসী । বিদ্যুত কৰ্তনত বিৰূপ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনাত । বিদ্যুত বিভাগৰ অনিয়মীয়া বিদ্যুত কৰ্তনে জ্বলা কলা খুৱাইছে বৃহত্তৰ আমিনগাওঁ-উত্তৰ গুৱাহাটী আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ ৰাইজক । ইফালে উৎকট গৰম আনফালে সঘনাই বিদ্যুত কৰ্তনত ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া পঢ়া-শুনাত ব্যাপক প্ৰভাৱ । বিদ্যুত বিভাগৰ এই চৰম উৰ্দ্ধতালিয়ে যমৰ জাতনা ভূগাইছে অঞ্চবাসীক ।সাধাৰণ ৰাইজক উপেক্ষিত কৰি বৃহৎ কমিচনৰ অংকত উদ্যোগ সমূহক ধৰি আহিছে অবিৰত বিদ্যুত যোগান । ইয়াৰ অন্তৰালত উদ্যোগপতিৰে বিদ্যুত বিভাগৰ বিষয়া কৰ্মচাৰী গোপন বুজা-বুজিৰ গভীৰ ৰহস্য থকাৰ অভিযোগ উত্থাপিত হৈছে । আমিনগাওঁ বিদ্যুত বিভাগৰ অনভিজ্ঞ আৰু দায়িত্ব বাহক SDO আৰু JE ৰ বাবেই ৰাইজৰ নাগুৰ নাগতি অবস্থা ।আমিনগাওঁস্থিত নামনি অসম শক্তি বিতৰক কেন্দ্ৰ লিমিটেডত চলিছে চৰম অৰাজকতা যাৰ ফল ভূগিছে অঞ্চলটোৰ ৰাইজে ।=BYTE
Body:*
V/O= আমিনগাওঁস্থিত অসম শক্তি বিতৰন কেন্দ্ৰৰ বিদ্যুত নিয়ন্ত্ৰন কক্ষত নিশা হ'লে কি চলে । নিয়ন্ত্ৰন কক্ষৰ জেনিয়ে যায় তেনিয়ে কেবল মদৰ বটল । কোনোৱে যদি লোকেল খাইছে কোনোৱে খাইছে বিলাসী সুৰা । সুৰাপান কৰি কৰ্তব্য কৰাৰ ফলত ৰাইজৰ দুৰ্ভোগৰ কথা ভাবিবলৈ আহৰি নাই এই সকল বিষয়া কৰ্মচাৰী । ইফালে সাংবাদিকৰ যোৱাৰ উমান পায় পলাই পত্ৰং দিলে সুৰাৰৰাগীত মগ্ন কৰ্মচাৰী সকল । সুৰাপান কৰি নিশা দায়িত্ব পালন কৰা এই সকল বিষয়া কৰ্মচাৰীক নাকী লগাব কোনে । =BYTE
Conclusion:*
আমিনগাওঁ-উত্তৰ গুৱাহাটীৰ যিকোনো গুৰুত্বপূৰ্ন খবৰ জনাবৰ বাবে অসম শক্তি বিতৰক কোম্পেনী লিমিটেডৰ বিদ্যুত বিভাগৰ নিয়ন্ত্ৰন কক্ষই দুটা 99541-90727 আৰু 9954190730 নম্বৰ গ্ৰাহকৰ সুবিধাৰ্থে দিয়ে যদিও ফোন সমূহ বন্ধ কৰি থয় নিয়ন্ত্ৰন কক্ষত থকা কৰ্মচাৰী সকলে । ইয়াক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ । আনহাতে বিদ্যুত যোগান নিয়মীয়া কৰাৰ বাবে বিভাগটোৰ মন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অঞ্চলটোৰ ৰাইজে দাবী জনাইছে ।