ETV Bharat / state

বকোত দুই কিশোৰীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ

author img

By

Published : Jun 16, 2021, 11:00 PM IST

বকোত দুই কিশোৰীৰ হত্যাকাণ্ডৰ প্ৰতিবাদত বুধবাৰে ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠন সদস্য সকলে বকোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শীঘ্ৰে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে তদন্ত কৰি দোষীক ফাঁচী দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

ARSU PROTEST AGAINST KOKRAJHAR RAPE CASE AT BOKO
বকোত দুই কিশোৰীৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰাভা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

বকো, 16 জুন : বিগত ১১ জুনত কোকৰাঝাৰ( KOKRAJHAR)ৰ অভয়াখুটিত দুৰ্বৃত্তই দুগৰাকী কিশোৰীক নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰে ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ সৈতে জড়িত দোষীক উপযুক্ত শাস্তিৰ দাবীত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঠিক একেদৰে উক্ত ঘটনাটোৰ বিৰুদ্ধে হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাভা ছাত্ৰ সন্থাকে ধৰি ছয় ৰাভা সংগঠনৰ সদস্য সকলে।

বকোত দুই কিশোৰীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ

উক্ত ঘটনাটোত জড়িত হত্যাকাৰীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ফাষ্টট্ৰেক( FAST TRACK) আদালতৰ জৰিয়তে তদন্ত কৰি ফাঁচী দিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ লগতে উক্ত ঘটনাটোৰ সন্দৰ্ভত ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা( KAMRUP DISTRICT) ৰ সভাপতি অজিত ৰাভাই বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

ইয়াৰোপৰি যোৱা 20 ফেব্ৰুৱাৰীত (FEBRUARY) শোণিতপুৰৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত বালিগাঁৱৰ এগৰাকী মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আৰক্ষী প্ৰশাসনে দোষীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷ অতিশীঘ্ৰে উক্ত দুয়োটা ঘটনাৰ উচিত তদন্ত কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে ৷ অতি শীঘ্ৰে যদি দোষীক উচিত শাস্তি প্ৰদান নকৰে তেনেহলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক-মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.