ETV Bharat / state

অন্ত পৰিল হৰদত্ত-বীৰদত্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ

author img

By

Published : Sep 30, 2019, 9:36 AM IST

দেওবাৰে অনুষ্ঠিত চূড়ান্ত ফাইনেল খেলত শ্বিলং এআৰচিয়ে 3-0 গ'লৰ ব্যৱধানত অসম পুলিচক হৰুৱাই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷

অন্ত পৰিল হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ

ৰঙিয়া, 30 ছেপ্টেম্বৰঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা হৰদত্ত-বীৰদত্ত ট্ৰফী আমন্ত্ৰণ মূলক দিবা-নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে অন্ত পৰে ৷ দেওবাৰে অনুষ্ঠিত চূড়ান্ত ফাইনেল খেলত শ্বিলং এআৰচিয়ে 3-0 গ'লৰ ব্যৱধানত অসম পুলিচক হৰুৱাই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷

জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই চূড়ান্ত বিজয়ী শ্বিলং এআৰচি দলক প্ৰাইজমানি সহ ট্ৰফী প্ৰদান কৰে ৷ বিজিত দল অসম পুলিচকো প্ৰাইজমানি সহ ট্ৰফী প্ৰদান কৰে কলিতাই ৷ উল্লেখ্য যে অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই উদ্বোধন কৰা খেলৰ প্ৰথম অৰ্ধত শ্বিলঙে 1-0 গ'লত অগ্ৰগতি লাভ কৰে ৷ কেইবা সহস্ৰাধিক লোকৰ উপস্থিতত ফ্লাড লাইটৰ পোহৰত তীব্ৰ উত্তেজনা পূৰ্ণ খেলৰ দ্বিতীয় অৰ্ধত শ্বিলঙে অসম পুলিচক পুনৰ 2 গ'ল দিবলৈ সক্ষম হয় ৷ অসম পুলিচ ব্লুজে কেইবাটাও সুযোগ পাইছিল যদিও কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হয় ৷ উল্লেখ্য যে উক্ত খেল খনত প্ৰাক্তন সাংসদ ৰমেন ডেকা , বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে৷ ইপিনে মণিপুৰ ,শ্বিলঙৰ লগতে ৰাজ্যৰ 10 টা ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত ক্ৰীড়ানুৰাগী ৰাইজৰ সহায় সহযোগিতাৰ শলাগ লয় জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ।

Intro:অন্ত পৰিল হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰBody:ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা হৰদত্ত-বীৰদত্ত ট্ৰফী আমন্ত্ৰণ মূলক দিবা-নৈশ প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সন্ধিয়া অনুষ্ঠিত চূড়ান্ত ফাইনেল খেলত শ্বিলং এ আৰ চিয়ে ৩-০ গ'লৰ ব্যৱধানত অসম পুলিচক হৰুৱাই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। চূড়ান্ত বিজয়ী শ্বিলং এ আৰ চি দলক প্ৰাইজমানি সহ ট্ৰফী প্ৰদান কৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই। বিজিত দল অসম পুলিচকো প্ৰাইজমানি সহ ট্ৰফী প্ৰদান কৰে । খেলৰ প্ৰথম অৰ্ধত শ্বিলঙে ১--০ গ'লত অগ্ৰগতি লাভ কৰে ।কেইবা সহস্ৰাধিক লোকৰ উপস্থিতত ফ্লাড লাইটৰ পোহৰত তীব্ৰ উত্তেজনা পূৰ্ণ খেলৰ দ্বিতীয় অৰ্ধত শ্বিলঙে অসম পুলিচক পুনৰ দুগ'ল দিবলৈ সক্ষম হয় । অসম পুলিচ ব্লুজে কেইবাটাও সুযোগ পাইছিল যদিও কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হয় ।খেল আৰম্ভ হোৱাৰ পূৰ্বে খেলখন উদ্ধোধন কৰে অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ।খেলত উপস্থিত থাকে প্ৰাক্তন সাংসদ ৰমেন ডেকা , বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে বিশিষ্ট লোকসকল ।মণিপুৰ ,শ্বিলঙৰ লগতে ৰাজ্যৰ ১০ টা ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত ক্ৰীড়ানুৰাগী ৰাইজৰ সহায় সহযোগিতাৰ শলাগ লয় জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ।
বাইট : মন্ত্ৰী ভৱেশ কলিতা ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.