ETV Bharat / state

ভোট বৰ্জনৰ হুংকাৰ এপ'ল মিলৰ শ্ৰমিক সন্থাৰ

দীৰ্ঘদিন ধৰি ভিআৰএছ প্ৰদানৰ দাবীত আন্দোলন কৰি অহা এপ'ল মিলৰ শ্ৰমিকসকলে শুকুৰবাৰে সংবাদমেল আয়োজন কৰি নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰে । স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক প্ৰতাৰক আখ্যা দি ক্ষোভিত হৈ পৰে শ্ৰমিক নেতৃবৃন্দ ।

author img

By

Published : Mar 19, 2021, 4:02 PM IST

ভোট বৰ্জনৰ হুংকাৰ এপ'ল মিলৰ শ্ৰমিক সন্থাৰ
ভোট বৰ্জনৰ হুংকাৰ এপ'ল মিলৰ শ্ৰমিক সন্থাৰ

ৰঙিয়া,১৯ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰঙিয়াৰ এপ'ল মিলৰ শ্ৰমিক সন্থাৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ । দীৰ্ঘদিন ধৰি ভিআৰএছ প্ৰদানৰ দাবীত আন্দোলন কৰি অহা মিলটোৰ শ্ৰমিকসকলে শুকুৰবাৰে সংবাদমেল আয়োজন কৰি নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰে । স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক প্ৰতাৰক আখ্যা দি ক্ষোভিত হৈ পৰে শ্ৰমিক নেতৃবৃন্দ ।

বহু বছৰ ধৰি বন্ধ হৈ থকা মিলটোৰ শ্ৰমিকসকলক ভি আৰ এছ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰিছিল । আনকি ভিআৰএছৰ বাবে পোন্ধৰ কোটি টকা ধাৰ্য কৰাৰ কথা বহুলভাবে প্ৰচাৰিত হৈছিল ।

কিন্তু শেহতীয়াকৈ নিৰ্বাচনী আচৰণ বিধিৰ দোহাই দি ধনৰাশি মোকলাই নিদিয়াকলৈ দিশহাৰা হৈ পৰিছে শ্ৰমিকসকল । এপ'ল শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতা আৰু সাধাৰণ সম্পাদক দুৰ্গা হালৈৰ লগতে প্ৰাক্তন বিষয়ববীয়া মনেশ্বৰ কলিতা, আছু নেতা নিটু ৰাজৱংশী, নৱজিৎ কলিতাকে ধৰি ভালেমান লোকে অংশগ্ৰহণ কৰা সংবাদমেলত শাসকীয় বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে সমষ্টিবাসী শ্ৰমিক পৰিয়ালৰ মাজত ভোট বৰ্জনৰ বাবে গোঁহাৰি পত্ৰ বিতৰণৰো পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:বিজেপিৰ পৰা বহিস্কাৰ সন্দৰ্ভত দিলীপ পালৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.