ETV Bharat / state

বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে

author img

By

Published : Feb 8, 2021, 1:38 PM IST

নতুনকৈ বিদ্যুৎ সংযোগ লাভৰ বাবে অনলাইনযোগে আবেদন জনাব পাৰিব গ্ৰাহকে । ৰঙিয়াত সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে চিজিএম অভিজিৎ শৰ্মা বৰুৱাই । লগতে বিল পৰিশোধ,অভিযোগ দাখিলৰ প্ৰক্ৰিয়াও সৰলীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

নতুনকৈ বিদ্যুৎ সংযোগৰ বাবে অনলাইনযোগে যাৱতীয় কাম কৰাৰ ব্যৱস্থা কৰিব শক্তি বিভাগে

ৰঙিয়া, ৮ ফেব্ৰুৱাৰী: এতিয়াৰে পৰা ঘৰতে বহি নতুনকৈ বিদ্যুৎ সংযোগৰ বাবে আবেদন জনাব পাৰিব গ্ৰাহকে । অনলাইনযোগে যাৱতীয় সকলো কাম-কাজ সম্পন্ন কৰিব শক্তি বিভাগে । ৰঙিয়াত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়াই এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে । বিল পৰিশোধ তথা অভিযোগ দাখিলৰ ক্ষেত্ৰতো সৰলীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই ।

ৰঙিয়া প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেলত চিজিএম অভিজিৎ শৰ্মা বৰুৱাই কয় যে,গ্ৰাহক সেৱা উন্নীত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । আনহাতে,অঘটন সংঘটিত হোৱাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ২০১৮ বৰ্ষত ৩৫৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৯ বৰ্ষত ১৫০ জনলৈ হ্ৰাস পায় । লগতে তেওঁ কয় যে,উপভোক্তাৰ সমস্যা সমাধানৰ বাবে অধিক গুৰুত্ব দিব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে

আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ এপিডিচিএলে নতুন বিদ্যুৎ সংযোগৰ বাবে অনলাইন ব্যৱস্থাৰে গ্ৰাহকক সেৱা আগবঢ়োৱা কাম আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে অভিজিত শৰ্মা বৰুৱাই । সংবাদমেলত এপিডিচিএলৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰাৰ লগতে বিভাগটোৱে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভতো তথ্য দাঙি ধৰে । এই নতুন ব্যৱস্থাই গ্ৰাহকক যথেষ্ট সকাহ দিব বুলি আশাবাদী বিভাগীয় কৰ্তৃপক্ষ ।

লগতে পঢ়ক:মহানগৰীৰ চিটি চেন্ট্ৰেল ম'লত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.