গুৱাহাটী, 16 মাৰ্চ : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমখন পুৰ্ণাংগ বাজেট আজি দাখিল কৰা হ'ল অসম বিধানসভাৰ মজিয়াত(Assam Budget For FY 2022-23 Presented) । বিয়লি তিনি বজাৰ পৰা বিধান সভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে পাঠ কৰে প্ৰায় দুই ঘন্টা পোন্ধৰ মিনিট যোৰা বাজেট ভাষণ । বুধবাৰে প্ৰকাশ কৰা বাজেটত উল্লেখ কৰা হ’ল বহুকেইটি সিদ্ধান্ত ৷ এই বাজেটক লৈ ৰাজনৈতিক মহলতো বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হ'ল ৷ এইবাৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে(APCC reacts on budget 2022) ৷
তেওঁ কয় যে, "সাধাৰণতে বাজেট এটা বিত্তীয় বৰ্ষৰ ওপৰত ভিত্তি কৰি কৰা হয়(APCC MLA Jakir Hussain Sikdar reacts on budget) । কিন্তু বিত্তমন্ত্রী অজন্তা নেওগে আজি বিধানসভাৰ সদনত দাখিল কৰা বাজেটখনত এটা বিত্তীয় বৰ্ষৰ কথা নাই । বাজেটখনত দীঘলীয়া কথা কোৱা হৈছে । আনকি এটা বিষয়ত চৰকাৰখনে ২০৩০ চনলৈকে লক্ষ্য কৰি লৈছে ।"
বুধবাৰে সদনত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেট সন্দৰ্ভত(Assam Budget 2022) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে লগতে কয় যে, "এইখন বাজেটে এটা বছৰৰ বিপৰীতে দিঘলীয়া সপোন দেখুৱাইছে । বাজেটৰ যোগেদি চৰকাৰে অসমবাসীক বহু সপোন আৰু আশা দিছে যদিও বাস্তৱত সেয়া পৰিণত কৰিব নোৱাৰে ।"
তেওঁ লগতে কয় যে, "ইয়াৰ পূৰ্বৰ বাজেটসমূহত দেখুওৱা সপোনবোৰ বাস্তৱত পৰিণত নহ'ল । পূৰ্বৰ দৰেই এইবাৰো সপোনৰ বাজেট দিছে । বাজেটত যিমানখিনি টকা খৰচ কৰিম বুলি কৈছে তাক কৰিমেই বুলি নিদিষ্ট কৰি কোৱা নাই । চৰকাৰে অসমৰ ৰাইজক দিম দিম বুলি কৈ আশাত ৰখাৰ স্বৰূপ এইখন বাজেট ।"
লগতে পঢ়ক : Assam Budget 2022: বাজেট সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া