ETV Bharat / state

ৰঙিয়াত ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

author img

By

Published : Jan 10, 2021, 3:58 PM IST

Updated : Jan 10, 2021, 4:26 PM IST

বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিল ঐতিহাসিক ৰঙিয়াত। বৃটিছে কৃষকৰ ওপৰত অন‍্যায় ভাবে জাপি দিয়া খাজনাৰ প্ৰতিবাদ কৰিছিল ৰঙিয়াৰ কৃষকসকলে আৰু সেই বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজ সকলে গুলিচালনা কৰিছিল । যাৰ ফলত কেইবাজনো স্বাভিমানী কৃষক শ্বহীদ হৈছিল । এয়া আছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীৰ কথা । সেইদিনাই ৰঙিয়াত ৰাইজমেল বহিছিল ।

Annual meet of Raijmel at Rangia
ৰঙিয়াত ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

ৰঙিয়া, 10 জানুৱাৰী : ব্ৰিটিছৰ বিৰুদ্ধে 1894 চনৰ আন্দোলনত শ্বহীদ হোৱা কৃষকসকলৰ চৰম ত‍্যাগক মৰ্যদা জনায় ১০ জানুৱাৰীৰ দিনটোত ৰঙিয়াবাসী ৰাইজে ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন কৰি আহিছে । ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱন প্ৰাংগণত দেওবাৰে সেই মহান বীৰসকলক স্মৰণ কৰি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় ৰাইজৰ মেল ৷

ৰঙিয়াত ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুস্থিত সভাখনত স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা উপস্থিত থাকে ৷ তেওঁ ৰণদিয়া ৰঙিয়াৰ সেই কৃষকসকলক গৌৰৱৰ প্ৰতীক বুলি উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে সভাত কৃষক শ্বহীদ ভৱনৰ লগতে শ্বহীদ স্তম্ভটো এক জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । বছৰেকীয়া উৎসৱ উপলক্ষে প্ৰকাশ কৰা ৰঙিয়া ৰাইজমেল পুস্তিকাখন উন্মোচন কৰে মহকুমাধিপতি স্বপ্ননীল পালে ।

লগতে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সুধাংশু ঢুলীয়াৰ

Last Updated : Jan 10, 2021, 4:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.