ETV Bharat / state

কমলপুৰ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰেৰণ কৰিব পাৰিব অভিযোগ

author img

By

Published : Jun 17, 2021, 4:27 PM IST

উন্নয়নমূলক কাম স্বচ্ছাতাৰে কৰাৰ লগতে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই হাতত লৈছে ব্যতিক্ৰমী পদক্ষেপ ৷ সমষ্টিবাসীয়ে যাতে বিধায়কগৰাকীক সমষ্টিটোৰ প্ৰতিটো কামত থকা অভিযোগ বিনা সংকোচে দিব পাৰে তাৰ বাবে কমলপুৰ আৰু বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আঁৰিছে দুটাকৈ অভিযোগ বাকচ ৷

Allegations can be sent against MLA in Kamalpur constituency
কমলপুৰ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰেৰণ কৰিব পাৰিব অভিযোগ

কমলপুৰ,17 জুন: কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ ব্যতিক্ৰমী প্ৰয়াস ৷ সমষ্টিটোত উন্নয়নমূলক কাম স্বচ্ছাতাৰে কৰাৰ লগতে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে বিধায়ক গৰাকীয়ে হাতত লৈছে এক বিশেষ পদক্ষেপ ৷ সমষ্টিটোৰ দুখন ঠাইত বিধায়কগৰাকীয়ে আঁৰিলে দুটাকৈ অভিযোগ বাকচ ৷ কমলপুৰ আৰু বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অভিযোগ বাকচ আঁৰি পৃথকে পৃথকে সমষ্টিবাসীয়ে বিধায়কগৰাকীক অভিযোগ দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷ বিধায়ক দিগন্ত কলিতাই জনোৱা মতে, এটি বাকচত বিধায়কগৰাকীৰ বিৰুদ্ধে থকা অভিযোগ দিয়াৰ লগতে আনটো বাকচত পঞ্চায়ত প্ৰতিনিধি আৰু খণ্ড উন্নয়ণ বিষয়া সমূহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব ৰাইজে ৷

উল্লেখ্য যে, দুয়োটা অভিযোগ বাকচৰ চাবিও পৃথকে পৃথকে বখাৰ সিদ্ধান্ত লৈছে বিধায়ক গৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত জনোৱা মতে, বিধায়ক অভিযোগ কক্ষৰ চাবি থাকিব মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ হাতত থকাৰ বিপৰীতে পঞ্চায়ত প্ৰতিনিধি আৰু খণ্ড উন্নয়ণ বিষয়া সমূহৰ অভিযোগ কক্ষৰ চাবি ৰাখিব বিধায়কগৰাকীয়ে নিজে ৷ ইফালে, সমষ্টিটোত চতুৰ্দশ বিত্তীয় আয়োগৰ কাম-কাজত সংঘটিত হোৱা খেলি-মেলি সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয়, যদি কিবা অভিযোগ আছে তেন্তে ঘটনাস্থলীত গৈ মই নিজে পৰ্যবেক্ষণ কৰিম ৷

লগতে পঢ়ক: এইবাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ ৰমেন ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.