বকো,19 মাৰ্চ : মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ প্ৰাৰ্থী দীপজ্যোতি দাসে । শুকুৰবাৰে কামৰূপ জিলা নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাৰ্থী গৰাকীয়ে ৷
প্ৰাৰ্থী দীপজ্যোতি দাসৰ অভিযোগ অনুসৰি, বিয়লি 3 বজাৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পাচতো মনোনয়ন পত্ৰ গ্ৰহণ নকৰিলে বকো সমষ্টিৰ ৰিটাৰ্নীং বিষয়া কান্তা দাসে । ইফালে ৰাজপথৰ যান-জঁটৰ বাবে মূৰামূৰী সময়ত উপস্থিত হৈছিল প্ৰাৰ্থী গৰাকীয়ে ৷
মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নাপাই ক্ষোভিত হয় প্ৰাৰ্থী গৰাকীয়ে ৷ এই ক্ষেত্ৰত তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব সংবাদ মাধ্যমযোগে সদৰি কৰে ৷
লগতে পঢ়ক : ছাত্ৰ ছাত্ৰীৰে সৈতে লাহোৱালত ৰাহুল গান্ধীৰ মত বিনিময়