ETV Bharat / state

টোলগেট বন্ধৰ দাবীত বাইহাটাত আছুৰ প্ৰতিবাদ

বাইহাটা চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা টোলগেট বন্ধৰ দাবীত আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

author img

By

Published : Aug 5, 2020, 3:58 PM IST

AASU Protest against toll gates in Assam Baihata
টোলগেট বন্ধৰ দাবীত বাইহাটাত আছুৰ প্ৰতিবাদ

বাইহাটা, 5 আগষ্ট : ৰাজ্যজুৰি ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে বাইহাটা চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বাইহাটা চাৰিআলিৰ মদনপুৰত টোলগেট নিৰ্মাণক লৈ সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ পূৱ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, লক ডাউন, বানপানী তথা গৰাখহনীয়াই ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে চৰকাৰে সাধাৰণ জনতাৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিব বিচাৰিছে ৷ যাৰবাবে বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা টোলগেট বন্ধ কৰাৰ দাবী জনাইছে ৷

আনহাতে, ৰাজ্য় চৰকাৰে নিৰ্মাণ কৰা এই টোলগেট যদি অনতিপলমে বন্ধ নকৰে তেতিয়াহলে পৰৱৰ্তী সময়ত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

লগতে পঢ়ক : সুশান্তৰ আত্মহত্যা: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.