ETV Bharat / state

বকোত শোকাৱহ পথ দু্ৰ্ঘটনাত নিহত চাৰিগৰাকী মহিলা - 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

বকোৰ বামুণীগাঁৱত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত চাৰিগৰাকী মহিলা শাক-পাচলিৰ ব্যৱসায়ী ৷ দুৰ্ঘটনাটোত আহত আন 4 জন লোক ৷

বকোত সংঘটিত শোকাৱহ পথ দু্ৰ্ঘটনাত নিহত চাৰিগৰাকী মহিলা
author img

By

Published : Oct 21, 2019, 7:42 AM IST

Updated : Oct 21, 2019, 8:10 AM IST

কামৰূপ,20 অক্টোবৰঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাঁৱত দেওবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিগৰাকী মহিলা শাক-পাচলিৰ ব্যৱসায়ী নিহত হয় ৷ বামুণীগাঁওৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এ এচ ০১ জে ছি 4599 নম্বৰৰ তীব্ৰবেগী গুৱাহাটী অভিমুখে গৈ থকা ডাম্পাৰ এখন আৰু নামনিমুৱা এ এছ ২৫ ইছি ১৩০০ নম্বৰৰ মালবাহী টাটা এচিৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷

বকোত সংঘটিত শোকাৱহ পথ দু্ৰ্ঘটনাত নিহত চাৰিগৰাকী মহিলা

দুৰ্ঘটনাটোত মালবাহী বাহনখনত যাত্ৰা কৰা পুতুলী ৰাভা, মিনা ৰাভা আৰু সুশীলা ৰাভাৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ লগতে ৰীণা ৰাভা নামৰ মহিলাগৰাকীৰ চিকিৎসালয়ত মৃত্যু হয় ৷ আনহাতে দুৰ্ঘটনাটোত মনোজ ৰাভা, পৰুল ৰাভা, ৰীতা ৰাভা আৰু দ্ৰোপদী ৰাভা গুৰুতৰভাবে আহত হোৱাত প্ৰথমাৱস্থাত বামুণীগাঁও আদৰ্শ চিকিৎসালয়ৰ ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত বকো আৰক্ষী ততাতৈয়াকৈ উপস্থিত হৈ আহতসকলক বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে দুৰ্ঘটনাৰ বাবে বন্ধ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰাত ব্যস্ত হৈ পৰে । তথ্যনুসৰি, মহিলা কেইগৰাকী গুৱাহাটী বেলতলাত দেওবৰীয়া সাপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি ঘৰলৈ ওভতাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

আৰু পঢ়ক

Intro:Body:কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুনীগাঁৱত আজি নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত নিহত হয় চাৰিগৰাকী মহিলা৷ বামুনীগাঁও ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এ এচ ০১ জে ছি ৪৫৫৯ নম্বৰৰ তীব্ৰ বেগী গুৱাহাটী মূৱা ডাম্পাৰ এখন আৰু এ এছ ২৫ ইছি ১৩০০ নম্বৰৰ মালবাহী টাটা এচিৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত পুতুলী ৰাভা, মিনা ৰাভা আৰু সুশীলা ৰাভা ঘটনাস্থলীত মৃত্যু হোৱাৰ লগতে ৰীনা ৰাভা নামৰ মহিলা গৰাকী চিকিৎসালয়ত মৃত্যু হয়৷ লগতে মনোজ ৰাভা, পৰুল ৰাভা, ৰীতা ৰাভা আৰু দ্ৰোপদী ৰাভা গুৰুতৰ ভাবে আহত হোৱা বাবে বামুণীগাঁও আদৰ্শ চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে৷ ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে লগতে দুৰ্ঘটনাৰ বাবে বন্ধ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো মোকলাই। জানিব পৰা মতে, মহিলা কেইগৰাকী গুৱাহাটী বেলতলাত ৰবিবৰীয়া সাপ্তাহিক বজাৰত শাক পাচলি বিক্ৰী কৰি ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। Conclusion:
Last Updated : Oct 21, 2019, 8:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.