বাইহাটা চাৰিআলি, 4ফেব্ৰুৱাৰী : মানৱ সমাজক কলংকিত কৰা এক ঘটনা পোহৰলৈ আহিছে ৷ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত তুলসী খৰিকটা গাঁৱত বুধবাৰে নিশা উদ্ধাৰ হৈছে এটি নৱজাতক ৷ তুলসী খৰিকটা গাঁৱৰ ৰাইজে মাটিত পুঁতি থোৱা অৱস্থাত উদ্ধাৰ কৰে নৱজাতক ল'ৰা সন্তানটিক আৰু নিশাই খবৰ দিয়ে আৰক্ষীক ।
বাইহাটা চাৰিআলি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত সন্তাটিক থানালৈ লৈ আহে ৷ উদ্ধাৰ হোৱা মৃত নৱজাতকটিক বৰ্তমান ৰখা হৈছে বাইহাটা চাৰিআলি আৰক্ষী চকীৰ মৰ্গত ৷
উল্লেখ্য যে,এই ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে । এই সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে নিজা তদন্ত অব্যহত ৰাখিছে ৷ কিন্তু প্ৰশ্ন হয়, কিমান নিষ্ঠুৰ হ’ব পাৰে মাতৃৰ হৃদয় ? কিয় নৱজাতক সন্তানটিক পুঁতিব লগা হ’ল পথাৰত ? কোনো পাষাণ হৃদয়ৰ পিতৃ-মাতৃয়ে হয়টো নিজৰ কলংক ঢাকিবৰ বাবেই হয়তো নিজৰ নৱজাতকটিক পুঁতি থোৱাৰ সন্দেহ অঞ্চলবাসীৰ ৷
লগতে পঢ়ক : ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ