ৰঙিয়া, 10 এপ্ৰিলঃ ৰাজ্যত মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুঁজৰ বাবে অসম চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে ভিন্নজনে । কিন্তু কৰ'ণাতংকই যেন প্ৰতিক্ৰিয়া কৰিলে ৰঙিয়াৰ এটি কণমানিৰো মনত । ৰঙিয়াৰ ফাতেমা কনভেণ্ট স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ কেশৱ জাজডিয়াই, নিজৰ এটকা-দুটকাকৈ ৰখা সাঁচতীয়া ধন প্ৰদান কৰিলে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ । উদ্দেশ্য এটাই ! কোনো প্ৰকাৰে হ'লেও নিপাত যাওক কৰ'ণা ভাইৰাছ । কণমানিটোৱে নিজৰ পিগি বেংকৰ সাঁচতীয়া 10 হাজাৰ টকা, কৰ'ণাৰ চিকিৎসাৰ নামত প্ৰদান কৰিলে ৰঙিয়াৰ মহকুমাধিপতিৰ হাতত । কণমানিটোৰ এনে কাৰ্যৰ শলাগ লৈছে সকলোৱে ।
লগতে পঢ়কঃ পিগি বেংকৰ সাঁচতীয়া ধন আৰোগ্য নিধিলৈ আগবঢ়ালে এটি কণমানিয়ে