গুৱাহাটী, 8 অক্টোবৰ : উত্তৰ গুৱাহাটীত দশেৰা উৎসৱ পালনৰ বাবে ৭০ ফুট উচ্চতাৰ ৰাৱন দাহ কাৰ্যসূচী আয়োজন কৰা হৈছে ৷ইয়াৰোপৰি দশেৰাৰ বাবে যোগাৰ কৰা হৈছে লক্ষাধিক টকাৰ আতচবাজি । উত্তৰ গুৱাহাটী মধ্যমখণ্ড দুৰ্গা পূজাৰ দশেৰাৰ মূল আকৰ্ষণ হৈ পৰা ৭০ ফুট উচ্চতাৰ এই ৰাৱণ নিৰ্মাণ কৰি উলিয়াইছে উদীয়মান যুৱশিল্পী ৰমেন বৰুৱাই ৷
উল্লেখ্য যে, যোৱা এমাহ ধৰা কষ্টৰ অন্তত নিৰ্মাণ কৰি তোলা 70 ফুট উচ্চতাৰ এই ৰাৱণ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছে থাৰ্মকল, ঢাৰি, কাগজ, আঠা আৰু বাঁহ । প্ৰায় ৭০ হাজাৰ টকা ব্যয় সাপেক্ষে ৰাৱণ নিৰ্মাণ কৰি উলিয়াইছে কমিটিয়ে ।
ৰাৱণ দহনৰ উপৰি সন্ধিয়ালৈ আমন্ত্ৰিত অতিথিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷