ETV Bharat / state

সাৱধান, ভয়ংকৰ হ'ব পাৰে বান পৰিস্থিতি !

author img

By

Published : Jul 19, 2020, 7:38 PM IST

আগন্তুক ২০ আৰু ২১ তাৰিখে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী গৰাকীয়ে ৷

2days heavy rain warning By Weather Science Centre
সাৱধান, ভয়ংকৰ হ'ব পাৰে বান পৰিস্থিতি !

দক্ষিণ কামৰূপ, 19 জুলাইঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক ২০ আৰু ২১ তাৰিখে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ এই কথা সদৰি কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বতৰ বিজ্ঞানী সঞ্জয় অনিল শ্বাহে ৷

ৰাজ্যত কৰ'ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সমান্তৰালকৈ ৰাজ্যত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি । ইতিমধ্যে প্ৰলয়ংকাৰী বানত বুৰ গৈছে ৰাজ্যৰ বহুকেইখন জিলা । ইফালে নিজৰ সপোনৰ ঘৰখন এৰি আশ্ৰয় ল'ব লগা হৈছে নিৰাপদ স্থানত আনকি মৃত্যুও হৈছে বহুতো লোকৰ । এই সময়তে ৰাজ্যত পুনৰ প্ৰৱল বৰষুণ আশংকা কৰা হৈছে ।

সাৱধান, ভয়ংকৰ হ'ব পাৰে বান পৰিস্থিতি !

ৰাজ্যত দেওবাৰৰ পৰা আগন্তুক ২ দিনলৈ বৰষুণৰ আশংকা কৰা হৈছে । অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে আশংকা কৰা হৈছে এই বৰষুণৰ । আগন্তুক ২০ আৰু ২১ জুলাইত প্ৰৱল বৰষুণ আহিব যদিও ২২তাৰিখে কিছু হ্ৰাস পাব বৰষুণৰ মাত্ৰা । এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । এই বৰষুণৰ ফলত যে ৰাজ্যত বান পৰিস্থিতিয়ে পুনৰ ভয়ংকৰ ৰূপ ল'ব সেয়া সহজে অনুমেয় হৈ পৰিছে । গতিকে আগন্তুক দিন কেইটাত সকলো ৰাইজকে সাৱধান হৈ থাকিবৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰটোৰ বিষয়ববীয়া সকলে ৷

লগতে পঢ়ক- নেৰা নেপেৰা বৰষুণৰ ফলত বঙাইগাঁও চহৰত কৃত্ৰিম বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.