গুৱাহাটী, 5 জুন: ঈদৰ প্ৰাক্ক্ষণত মহানগৰীৰ ধাৰাপুৰত জুবিনৰ সংগীতানুষ্ঠান। ধাৰাপুৰ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীত গালে জুবিনে । সংগীতৰ মাজতেই জুবিনৰ মুখত ওলাল নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। "এতিয়া আৰু উৎপাত নকৰো, কেব আহিলে আকৌ উৎপাত কৰিম" বুলি মন্তব্য কৰে জুবিনে । তাৰোপৰি কিছু ধেমেলীয়া কথাকৈও দৰ্শকক আমোদ দিলে জুবিন গাৰ্গে ।
লগতে পঢ়ক: AN-32 বিমানৰ সন্ধানৰ বাবে অত্যাধুনিক P8 চেঞ্চৰ যুক্ত বিমান ব্যৱহাৰ
সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা কণ্ঠশিল্পী বাবুক মঞ্চলৈ আমন্ত্ৰণ জনায় জুবিনে। পিছত জুবিন আৰু বাবুৱে একেলগে পৰিৱেশন কৰে কেবাটাও জনপ্ৰিয় গীত।