ETV Bharat / state

Zubeen Garg health update : পূৰ্বতকৈ সুস্থিৰ হৈছে জুবিনৰ স্বাস্থ্যৰ অৱস্থা - Zubeen Garg health update

বুধবাৰৰ তুলনাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে (Zubeen Garg health improves)। ৰক্তচাপ নিয়ন্ত্ৰণত আছে জুবিনৰ । বুধবাৰে ছ'ডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল যদিও আজি যথেষ্ট উন্নত হৈছে । নিশা খোৱা-লোৱা কৰাৰ পাছত জুবিন গাৰ্গ ভালদৰে শুইছে বুলি জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই ।

Zubeen Garg’s condition improves
পূৰ্বৰ তুলনাত উন্নত স্বাস্থ্য জুবিন গাৰ্গৰ
author img

By

Published : Jul 21, 2022, 7:44 PM IST

গুৱাহাটী,২১ জুলাই: অসুস্থতাৰ বাবে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত বুধবাৰে ভৰ্তি কৰোৱা বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে (Zubeen Garg’s condition improves)। এই কথা জনালে আয়ুৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই । এক সংবাদমেলৰ আয়োজন কৰি হাস্পতাল কৰ্তৃপক্ষই জনাই যে, বুধবাৰৰ তুলনাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে । ৰক্তচাপ নিয়ন্ত্ৰণত আছে । বুধবাৰে ছ'ডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল যদিও আজি যথেষ্ট উন্নত হৈছে । নিশা খোৱা-লোৱা কৰাৰ পাছত জুবিন গাৰ্গ ভালদৰে শুইছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

ইতিমধ্যে তেজ পৰীক্ষাৰ ৰিপ’ৰ্ট আহিছে আৰু চিকিৎসকে সেই অনুসৰি চিকিৎসা প্ৰক্ৰিয়া চলাই আছে (Zubeen Garg health updates)। আজি মগজুৰ এম আৰ আই কৰা হৈছে । এম আৰ আই ৰিপ’ৰ্ট প্ৰাৰম্ভিক অৱস্থাত আছে যদিও কেইবাটাও দিশ চাবলগা হোৱাৰ বাবে ৰিপ’ৰ্ট সঠিকভাৱে বিশ্লেষণ কৰিবলৈ কিছু সময় লাগিব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে । এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিন গাৰ্গক দুই-এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই ।

জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন আছে বুলি চিকিৎসকে জনায় । অনুৰাগীক কিছুদিন আঁতৰি থকাৰ আহ্বান জনাইছে হাস্পতাল কৰ্তৃপক্ষই । জুবিনক জিৰণি আৰু টোপনি দুয়োটাৰে প্ৰয়োজন আছে ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ এখন ৰিজৰ্টৰ বাথৰুমত পৰি মূৰত আঘাত পোৱা জুবিন গাৰ্গক বুধবাৰে পুৱা ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পাছতে অসম চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এয়াৰ এম্বুলেন্সৰ যোগেদি উন্নত চিকিৎসাৰ বাবে জুবিন গাৰ্গক বুধবাৰে বিয়লি গুৱাহাটীলৈ অনা হয় । পৰিয়ালৰ ইচ্ছা অনুসৰি জুবিন গাৰ্গক আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান হাস্পতালখনত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত জুবিন গাৰ্গৰ চিকিৎসা চলি আছে ।

লগতে পঢ়ক:Presidential Election : ৰাষ্ট্রপতি নির্বাচনৰ জনা-নজনা কিছু কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.