ETV Bharat / state

গুৱাহাটীৰ আয়ুৰচুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ

author img

By

Published : Oct 29, 2021, 9:52 AM IST

Updated : Oct 29, 2021, 10:55 AM IST

বৃহস্পতিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ(Zubeen Garg) । উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰে শিল্পী গৰাকী । বৰ্তমান গড়চুকস্থিত আয়ুৰচুন্দ্ৰা হাস্পতালত শিল্পীগৰাকীৰ চিকিৎসা চলি আছে ।

Zubeen Garg admitted to hospital
জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ

গুৱাহাটী, ২৯ অক্টোবৰ: জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ(Zubeen Garg)ৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । বৃহস্পতিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে যুৱ শিল্পীগৰাকী । জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৪৫ বজাত মহানগৰীৰ গড়চুকস্থিত আয়ুৰচুন্দ্ৰা হাস্পাতালত জুবিন গাৰ্গক ভৰ্তি কৰোৱা হয় । উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰে শিল্পী গৰাকী ।

চিকিৎসালয়খনত ভৰ্তি কৰোৱাৰ পাচতে চিকিৎসকৰ দলে চিকিৎসা আগবঢ়ায় শিল্পীগৰাকীক । বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে । চিন্তাৰ কোনো কাৰণ নাই বুলিও জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই । শুকুৰবাৰে আবেলিৰ ভাগলৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

চিকিৎসকে তেওঁক জিৰণি ল'বলৈ পৰামৰ্শ আগবঢ়াইছে । জুবিন গাৰ্গৰ সৈতে হাস্পতালত পত্নী গৰিমা গাৰ্গৰ লগতে বহু কেইজন অনুৰাগী উপস্থিত আছে । আনহাতে, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ পাই হাস্পতালখনত অনুৰাগীয়ে ভিৰ কৰে ।

উল্লেখ্য যে, বিগত বৰ্ষতো শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল শিল্পীগৰাকীক । কেইবাদিনো আই চি ইউত ৰাখি চিকিৎসকে জুবিনক চিকিৎসা প্ৰদান কৰিছিল আৰু তেওঁ সুস্থ হৈ উঠে । এতিয়াও শিল্পীগৰাকী শীঘ্ৰেই সম্পূৰ্ণ সুস্থ হৈ উঠাৰ কামনা কৰিছে অনুৰাগীয়ে ।

লগতে পঢ়ক:লাভলীনাক DSP পদত নিযুক্তিৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ

Last Updated : Oct 29, 2021, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.