ETV Bharat / state

Z Plus security: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ সুৰক্ষা

author img

By

Published : Oct 14, 2022, 12:55 PM IST

Updated : Oct 14, 2022, 2:40 PM IST

বৃদ্ধি কৰা হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰক্ষা(Himanta Biswa Sarma security increased) ৷ এতিয়াৰে পৰা জেড প্লাছ নিৰাপত্তাত থাকিব মুখ্যমন্ত্ৰীগৰাকী ৷

Z Plus security given to Assam CM Himanta Biswa Sarma
Z Plus security: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ সুৰক্ষা

গুৱাহাটী,১৪ অক্টোবৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা হৈছে জেড প্লাছ নিৰাপত্তা(Z Plus security given to Himanta Biswa Sarma) । সমগ্ৰ দেশতেই মুখ্যমন্ত্ৰীগৰাকীৰ বাবে থাকিব এই নিৰাপত্তা ব্যৱস্থা । এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দেশনা ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰিছিল জেড নিৰাপত্তা । জেড কেটেগৰীৰ পৰা জেড প্লাছলৈ উন্নীত কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা । উল্লেখ্য যে, হায়দৰাবাদত গণেশ চতুৰ্থীৰ অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ অৱতাৰণা হৈছিল প্ৰশ্নৰ ৷ কাৰণ উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি থকা অৱস্থাতে মুখ্যমন্ত্ৰীগৰাকীৰ হাতৰ পৰা মাইক কাঢ়ি লৈ গৈছিল দলীয় এজন লোকে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা বিষয়টোক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছিল ভিন্ন প্ৰতিক্ৰিয়াৰ ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বিষয়টো পৰ্যালোচনা কৰিছিল স্বয়ং গৃহ মন্ত্ৰণালয়ে(Central Home ministry) । গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ সৈতে আলোচনা কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰা হৈছে ৷ অৱশেষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰক্ষাৰ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰি গৃহ মন্ত্ৰণালয়ে আগবঢ়ালে জেড প্লাছ নিৰাপত্তা । এতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এছ পি জিৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থাকিব ।

লগতে পঢ়ক: strike for not receiving salaries: পুনৰ বন্ধ মাজুলী অফলামুখ নিমাতি ফেৰী সেৱা

Last Updated : Oct 14, 2022, 2:40 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.