ETV Bharat / state

Guwahati Missing Case: মহানগৰীৰ বৰবাৰীৰ পৰা সন্ধানহীন যুৱক

author img

By

Published : Dec 4, 2021, 3:18 PM IST

শুকুৰবাৰৰ পৰা সন্ধানহীন বৰবাৰীৰ যুৱক অৰূপ জ্যোতি পাঠক (Young man missing from Guwahati)। দিছপুৰ থানাত এজাহাৰ অৰূপৰ পৰিয়ালৰ । ফল ক্ৰয়ৰ বাবে ঘৰৰ পৰা ওলাই আহি নিৰুদ্দেশ যুৱকজন ।

Guwahati missing case
মহানগৰীৰ বৰবাৰীৰ পৰা সন্ধানহীন যুৱক

গুৱাহাটী,৪ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত পুনৰ নিৰুদ্দেশৰ ঘটনা (Missing case in Guwahati) । এইবাৰ মহানগৰীৰ বৰবাৰীৰ জোনাকী নগৰৰ পৰা নিৰুদ্দেশ এজন যুৱক (Young man missing from Guwahati) । অৰূপ জ্যোতি পাঠক নামৰ যুৱকজন শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ।

পৰিয়ালৰ লোকে জনোৱা মতে, পুৱা প্ৰায় ৬.৩০ মান বজাত ফল ক্ৰয়ৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল অৰূপ । অৰূপে ঘৰৰ পৰা AS-০১-EF-২০৭৮ নম্বৰৰ ৰঙা চেন্ট্ৰো বাহনখন লৈ ওলাই আহিছিল । লক্ষণীয়ভাৱে নিজৰ ফোনটো ঘৰতে এৰি আহিছিল অৰূপ জ্যোতি পাঠকে । তেতিয়াৰে পৰা কোনো সন্ধান নাই অৰূপৰ ।

Guwahati missing case
মহানগৰীৰ বৰবাৰীৰ পৰা সন্ধানহীন যুৱক

শংকিত অৰূপৰ পৰিয়ালে ইতিমধ্যে দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে অৰূপ পেচাত এগৰাকী মেডিকেল ৰিপ্ৰেজেনটেটিভ । বায়'কন ফাৰ্মাচিউটিকেল নামৰ কোম্পানীত কাম কৰে অৰূপে ।

লগতে পঢ়ক :Student Goes Missing: বৰপথাৰত প্ৰাত:ভ্ৰমণলৈ গৈ সন্ধানহীন সপ্তম মানৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.