ETV Bharat / state

Instragramয়ে চলাব অসম পৰ্যটনৰ প্ৰচাৰ !

বিশ্ব পৰ্যটন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে পৰ্যটন বিভাগে নিমন্ত্ৰণ কৰিছে অসমৰ  বিশ্ববিদ্যালয় কেইখনৰ পৰ্যটন বিভাগৰ শিক্ষাৰ্থীসকলক ৷

27 ছেপ্টেম্বৰত অসমতো উদযাপিত হ'ব বিশ্ব পৰ্যটন দিৱস
author img

By

Published : Sep 24, 2019, 9:56 PM IST

Updated : Sep 25, 2019, 5:25 PM IST

গুৱাহাটী, 23 ছেপ্টেম্বৰ : 27 ছেপ্টেম্বৰত অসমতো উদযাপন হ'ব বিশ্ব পৰ্যটন দিৱস ৷ এইবছৰ অসমতো বিশ্ব পৰ্যটন দিৱস আয়োজন কৰিছে অসম পৰ্যটন নিগমে । এই সন্দৰ্ভত অসম পৰ্যটন নিগম অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল ৷ দীঘলীপুখুৰীৰ পৰা পুৱা 7 বজাত চাইকেল ৰেলীৰে হ'ব 27 ছেপ্টেম্বৰত আয়োজিত অনুষ্ঠানৰ আৰম্ভণি । বিশ্ব পৰ্যটন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে পৰ্যটন বিভাগে নিমন্ত্ৰণ কৰিছে অসমৰ বিশ্ববিদ্যালয় কেইখনৰ পৰ্যটন বিভাগৰ শিক্ষাৰ্থীসকলক ৷ ইয়াৰ লগতে পৰ্যটন বিভাগৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰাৰ কথা উল্লেখ কৰে জয়ন্ত মল্ল বৰুৱাই ।

সংবাদমেলত বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰ্যটন বিভাগে নিৰ্মাণ কৰা 28 টা আমাৰ আলহী নামৰ 'Home Stay' গৃহৰ মুকলি কৰা হ'ব আৰু এই 'Home Stay' সমূহৰ জৰিয়তে অসমৰ নিবনুৱা সমস্যাৰ কিছু সমাধান হ'ব বুলি জনাই অসম পৰ্যটন নিগম অধ্যক্ষ গৰাকীয়ে । নতুনকৈ এইবাৰ চ'ছিয়েল নেটৱৰ্কিং চাইট 'Instragram'য়ে পৰ্যটন বিভাগৰ প্ৰচাৰ চলোৱাৰ কথাও অৱগত কৰে অধ্যক্ষগৰাকীয়ে ।

27 ছেপ্টেম্বৰত অসমতো উদযাপিত হ'ব বিশ্ব পৰ্যটন দিৱস

উল্লেখযোগ্য যে, নলবাৰী আৰু মাজুলীৰ ৰাসক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ চলোৱাৰ এক প্ৰয়াস হাতত লৈছে অসমৰ পৰ্যটন বিভাগে । এই সন্দৰ্ভত মাজুলী আৰু নলবাৰীৰত পৰ্যটক সকলৰ বাবে যাতায়ত ব্যৱস্থাৰ লগতে সকলো ধৰণৰ আন যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে অসম পৰ্যটন নিগম অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

Intro:অসম পৰ্যটন নিগম অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল। 27 ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰিছে অসম পৰ্যটন নিগমে। 27 ছেপ্টেম্বৰত দীঘলী পুখুৰীৰ পৰা পুৱা 7 বজাত চাইকেল ৰেলি কাৰ্যসূচী হাতত লৈছে । ইয়াৰ লগতে পৰ্যটন বিভাগৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰাৰ কথা কলে জয়ন্ত মল্ল বৰুৱাই। অসমৰ ৰাসক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ সিদ্ধান্তৰ কথা সদৰী কৰে জয়ন্ত মল্ল বৰুৱাই।

Body:27 ছেপ্টেম্বৰত পৰ্যটন বিভাগে নিৰ্মান কৰা 28 টা আমাৰ আলহী নামৰ homestay ৰ মুকলি কৰা হব আৰু এই homestay সমূহৰ জৰিয়তে অসমৰ নিবনুৱা সমস্যাৰ কিছু সমাধান হব বুলি জানিবলৈ দিলে জয়ন্ত মল্ল বৰুৱাই।
নতুনকৈ এইবাৰ instragram social networking য়ে পৰ্যটন বিভাগক প্ৰচাৰ চলাব লগতে পৰ্যটকক আকৰ্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা কলে তেওঁ। নলবাৰী আৰু মাজুলীৰ ৰাসক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ চলোৱাৰ এক প্ৰয়াস দাঙি অসমৰ পৰ্যটন বিভাগে। মাজুলী আৰু নলবাৰীৰত পৰ্যটক সকলৰ বাবে যাতায়ত ব্যৱস্থাৰ লগতে সকলো ধৰণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে জয়ন্ত মল্ল বৰুৱাই।

Conclusion:লগতে গুৱাহাটীৰ পৰা মাজুলী আৰু নলবাৰীলৈ বাছ সেৱাৰ ব্যৱস্থা পৰ্যটক আৰু গুৱাহাটী বাসীৰ বাবে কৰাৰ কথা কলে তেওঁ। পৰ্য্যটকক আকৰ্ষণ কৰিব পৰাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰিলে অধ্যক্ষ গৰাকীয়ে।
Last Updated : Sep 25, 2019, 5:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.