ETV Bharat / state

World Sparrow Day : সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বিশ্ব ঘৰচিৰিকা দিৱস পালন

author img

By

Published : Mar 20, 2022, 10:31 AM IST

আজি বিশ্ব ঘৰচিৰিকা দিৱস(World Sparrow Day 2022) ৷ কেইবছৰমান পূৰ্বে চৰাইবিধক দেখা গৈছিল প্ৰায়সংখ্যক লোকৰ ঘৰৰ চোতালত ৷ কিন্তু সাম্প্ৰতিক সময়ত বৰ্ধিত শব্দ প্ৰদূষণৰ ফলস্বৰূপে বিলুপ্তিৰ পথত এই চৰাইবিধ ৷

world-sparrow-day-celebrations-in-all-over-world-today
বিশ্ব ঘৰচিৰিকা দিৱস পালন

নিউজ ডেস্ক, 20 মাৰ্চ : আজি 20 মাৰ্চ ৷ অৰ্থাৎ বিশ্ব ঘৰচিৰিকা দিৱস ৷ বিশ্ব ঘৰচিৰিকা দিৱসৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি কৰি চৰাইবিধক সুৰক্ষা প্ৰদান কৰা ৷ কেইবছৰমান পূৰ্বে চৰাইবিধক দেখা গৈছিল প্ৰায়সংখ্যক লোকৰ ঘৰৰ চোতালত ৷ কিন্তু সাম্প্ৰতিক সময়ত বৰ্ধিত শব্দ প্ৰদূষণৰ ফলস্বৰূপে বিলুপ্তিৰ পথত এই চৰাইবিধ ৷

ফ্ৰান্সৰ ইক’-চিছ একচন ফাউণ্ডেচন আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সহযোগত ভাৰতত নেচাৰ ফৰেভাৰ ছ’চাইটিৰ দ্বাৰা এই চৰাইবিধৰ সংৰক্ষণৰ হেতুকে প্ৰথমে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হৈছিল ৷

world-sparrow-day-celebrations-in-all-over-world-today
আজি বিশ্ব ঘৰচিৰিকা দিৱস

বিশ্ব ঘৰচিৰিকা দিৱস 2022

বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতি বছৰে 20 মাৰ্চত পালন কৰা হয় ৷ এই দিনটো ঘৰচিৰিকা চৰাইবিধৰ সজাগতা বৃদ্ধিৰ বাবে ল’ব পৰা পদক্ষেপ সম্পৰ্কত আলোচনা কৰা হয় ৷ 2010 চনত বিশ্বত প্ৰথমবাৰৰ বাবে বিশ্ব ঘৰচিৰিকা দিৱসৰ আয়োজন কৰা হৈছিল ৷ এই দিনটোক সন্মান জনোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰকাৰৰ কাৰ্যকলাপ অনুষ্ঠিত কৰা হয় ৷

বিশ্ব ঘৰচিৰিকা দিৱস 2022 : বিষয়বস্তু

এইবছৰ বিশ্ব ঘৰচিৰিকা দিৱসৰ বিষয়বস্তু হৈছে "মই ঘৰচিৰিকা ভালপাওঁ" ৷

লগতে চাওক: কালাগৰ তিনিদিনীয়া দৌলোৎসৱৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.