ETV Bharat / state

World Bicycle day: কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত বাইচাইকেল ৰেলী

author img

By

Published : Jun 3, 2023, 8:37 PM IST

কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি উলিওৱা হ’ল চাইকেল ৰেলী ৷ বিশ্ব চাইকেল দিৱসৰ সংগতি ৰাখি উলিওৱা হয় এই ৰেলীৰ ৷ প্ৰায় 50 গৰাকী লোকে অংশ লয় এই ৰেলীত (Bicycle rally) ৷

World Bicycle day
World Bicycle day

World Bicycle day
কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত বাইচাইকেল ৰেলী

গুৱাহাটী, ৩ জুন: শনিবাৰে পালন কৰা হ’ল বিশ্ব চাইকেল দিৱস (World Bicycle day 2023) ৷ বিশ্ব চাইকেল দিৱস উপলক্ষে কটন চাইক্লিং কমিউনিটি, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু কটন বিশ্ববিদ্যালয়ৰ এন এছ এছ ইউনিটৰ যৌথ উদ্যোগত আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ সহযোগত উলিওৱা হয় চাইকেল ৰেলী ৷ এই চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই ৷

পুৱা ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৰেলীত মানুহক কেৱল ফিটনেছৰ বাবেই নহয়, দৈনিক যাতায়াতৰ বাবেও চাইকেল চলোৱাৰ বাবে উৎসাহিত কৰে উপাচাৰ্যগৰাকীয়ে । তেওঁ কয় যে চাইকেল চলোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত আৱশ্যক আৰু পৰিৱেশৰ বাবেও দৰকাৰী । যদি সম্ভৱ হয় তেন্তে চাইকেল চলাই কলেজ, স্কুল বা কাৰ্যালয়লৈ গৈ সেউজ বিপ্লৱত অৰিহণা যোগাব লাগে বুলিও মন্তব্য কৰে উপাচাৰ্যগৰাকীয়ে (World Bicycle day celebrated in Guwahati) ৷

এই ৰেলীত উপাচাৰ্যগৰাকীৰ লগতে ছাত্ৰ কল্যাণ সঞ্চালক ড৹ প্ৰশান্ত শৰ্মা, জ্যেষ্ঠ অধ্যাপক ড৹ হীৰেণ ডেকা, বিশ্ববিদ্যালয় ক্ৰীড়া বিষয়া ড৹ কুলেন দাস, এন এছ এছৰ স্বেচ্ছাসেৱক আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয় ।

কটন বিশ্ববিদ্যালয়ৰ পৰা চান্দমাৰী উৰণীয়া সেতুলৈ আৰম্ভ হোৱা এই ৰেলী দীঘলীপুখুৰী আৰু ৰিজাৰ্ভ বেংক হৈ কটন বিশ্ববিদ্যালয়লৈ উভতি আহে । কটন বিশ্ববিদ্যালয়ে দ্বিতীয় বাৰৰ বাবে আয়োজন কৰে এই ৰেলীৰ।

উল্লেখ্য যে 2018 চনত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাই 3 জুন তাৰিখটো বিশ্ব চাইকেল দিৱস হিচাবে প্ৰথমবাৰৰ বাবে ঘোষণা কৰে (History of world Bicycle day) ৷ চাইকেল চলোৱাৰ উপকাৰীতা আৰু চাইকেলৰ প্ৰয়োজনীয়তা সাপেক্ষে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ আয়োজন কৰা এই বিশ্ব চাইকেল দিৱস (Importance of Bicycle riding) ৷ পূৰ্বে যাতায়তৰ ক্ষেত্ৰত চাইকেল ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছিল যদিও গাড়ী-মটৰৰ প্ৰচলনৰ লগে লগে চাইকেলৰ ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে ৷

লগতে পঢ়ক: Heatwave hits Assam: উৎকট গৰম; বিদ্যালয়ৰ পাঠদান পুৱা 7.30 বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.