ETV Bharat / state

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ - মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ভূমি দখল বাতৰি

মুখ্যমন্ত্ৰীয়ে দহ বছৰ বসবাস কৰিলে মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰাৰ সময়তে মহানগৰীৰ বেলতলাত শোষিত হৈছে খিলঞ্জীয়া ৷ সুদীৰ্ঘ 40 বছৰে দখল স্বত্ব ভোগ কৰি অহা ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ মহিলাৰ (Woman accuse Mising Autonomous Council of Land grabbing) ৷

as_ghy_05_Land_grabbing_allegations_against_Mising_Autonomous_Council_7209925
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ
author img

By

Published : Nov 29, 2021, 2:31 PM IST

গুৱাহাটী, 29 নৱেম্বৰ : মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ এগৰাকী খিলঞ্জীয়াৰ (Mising Autonomous Council accused of Land grabbing)৷ সুদীৰ্ঘ 40 বছৰে দখল স্বত্ব ভোগ কৰি অহা ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে বলপূৰ্বকভাৱে দখল কৰি তাত নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ অভিযোগ ভুক্তভোগীৰ ৷

as_ghy_05_Land_grabbing_allegations_against_Mising_Autonomous_Council_7209925
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ

ঘটনা অনুসৰি, বিগত 40 বছৰে গুৱাহাটীৰ বেলতলা মৌজাৰ মৈদাম গাঁৱৰ জৱাহৰ নগৰত বাস কৰি আহিছিল মুন মুন শৰ্মা দুৱৰা নামৰ মহিলাগৰাকীৰ পৰিয়ালে ৷ ভূমিখিনিৰ ম্যাদিপট্টাৰ বাবে তেওঁ 2007 চনতেই পঞ্জীয়ন কৰিছিল ৷ আনকি এইক্ষেত্ৰত ইতিমধ্যে যাৱতীয় সকলো প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰা হৈছে ৷ কিন্তু যোৱা 20 নৱেম্বৰৰ সন্ধিয়া অতৰ্কিতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ লোকে বলপূৰ্বকভাৱে ভূমিখিনি দখল কৰে (Mising Autonomous Council Land grabbing at Guwahati) ৷

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ

ভূমি দখলৰ সময়ত দলটোৰ সৈতে কোনো আৰক্ষীৰ লোক নথকাৰ কথাও জানিবলৈ দিয়ে ভুক্তভোগী মুন মুন শৰ্মা দুৱৰাই ৷ লগতে আন দুটা পৰিয়ালৰ ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে দখল কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভোক্তভোগী মহিলাগৰাকীয়ে (Woman accuse Mising Autonomous Council of Land grabbing) ৷ লগতে তাত থকা সকলো ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰো ভাঙি লণ্ড-ভণ্ড কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদে ৷

ভুক্তভোগী মুন মুন শৰ্মা দুৱৰাৰ অভিযোগ, চৰকাৰী সকলো ধৰণৰ কৰ নিয়মিত ৰূপে আদায় দিয়াৰ পিছতো ভূমিখিনি দখল কৰিছে পৰিষদে ৷ আনকি চৰকাৰে ভূমিখিনি দখলৰ বাবে পৰিষদক অনুমতি দিয়া বুলি জনোৱা বুলিও কয় ভুক্তভোগী মহিলাগৰাকীয়ে ৷ এই সন্দৰ্ভত তেওঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ লগতে মুখ্যমন্ত্ৰী, জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তলৈয়ো পত্ৰ প্ৰেৰণ কৰিব বুলি জনায় মুন মুন শৰ্মা দুৱৰাই ৷

লগতে পঢ়ক : Jorhat-Majuli Bridge : আজি খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.