ETV Bharat / state

খাদ্যৰ সন্ধানত চন্দ্ৰপুৰৰ বৰ বিলাত বন্যহস্তীৰ দল - WILD ELEPHANT

বানৰ মাজতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি আহিল বন্যহস্তী ৷ এই ঘটনা গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ ৷ চন্দ্ৰপুৰৰ বৰ বিলাত আমছাঙৰ পৰা খাদ্যৰ সন্ধানত তিনিটাকৈ বন্যহস্তী নামি আহে শুকুৰবাৰে দিনৰ ভাগত  ৷ কিছু সময় বিচৰণ কৰাৰ পিচত অভয়াৰণ্যলৈ উভটি যোৱাৰ পথত কলং দিগৰু নৈৰ বাঢ়নী পানীত আবদ্ধ হৈ পৰে হাতীকেইটা। এনে পৰিস্থিতিত আতংকিত হয় অঞ্চলবাসী। কিয়নো কলং ডিগাৰু নৈৰ সোঁতে হাতীকেইটাক ব্ৰহ্মপুত্ৰ নৈ লৈ উটোৱাই নিয়াৰ আংশকা কৰে স্থানীয় লোকসকলে ৷ অৱশ্যে পিচত ঘটনাস্থলীত বনবিভাগৰ এটা দল উপস্থিত হৈ  আবদ্ধ বন্যহস্তী কেইটাক উদ্ধাৰৰ বাবে চেষ্টা চলাই ৰাইজৰ সহযোগত ৷ কেইবা ঘণ্টা ধৰি চলোৱা উদ্ধাৰ অভিযানৰ পিচত হাতী কেইটা ওভতাই আনি ৰেলপথ অতিক্ৰম কৰাই আমছাং অভয়াৰণ্যলৈ খেদি পঠিয়াবলে সক্ষম হয় ৰাইজ তথা বনবিভাগৰ দলটো ৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি আহিল বন্যহস্তী
author img

By

Published : Jul 12, 2019, 6:52 PM IST

গুৱাহাটী. 12 জুলাইঃ

  • খাদ্যৰ সন্ধানত চন্দ্ৰপুৰৰ বৰ বিলাত বন্যহস্তীৰ দল
  • আমছাঙৰ পৰা নামি আহিল তিনিটাকৈ বন্যহস্তী
  • কলং-দিগৰু নৈত আবদ্ধ হৈ পৰে হাতীকেইটা
  • দিন দুপৰতে হাতীৰ বিচৰণত আতংকিত হয় ৰাইজ
  • আবদ্ধ বন্যহস্তী কেইটাক উদ্ধাৰ কৰে বনবিভাগে
  • আমছাং অভয়াৰণ্যলৈ খেদি পঠিয়াই হাতীকেইটাক
    চন্দ্ৰপুৰৰ বৰ বিলাত বন্যহস্তীৰ দল

গুৱাহাটী. 12 জুলাইঃ

  • খাদ্যৰ সন্ধানত চন্দ্ৰপুৰৰ বৰ বিলাত বন্যহস্তীৰ দল
  • আমছাঙৰ পৰা নামি আহিল তিনিটাকৈ বন্যহস্তী
  • কলং-দিগৰু নৈত আবদ্ধ হৈ পৰে হাতীকেইটা
  • দিন দুপৰতে হাতীৰ বিচৰণত আতংকিত হয় ৰাইজ
  • আবদ্ধ বন্যহস্তী কেইটাক উদ্ধাৰ কৰে বনবিভাগে
  • আমছাং অভয়াৰণ্যলৈ খেদি পঠিয়াই হাতীকেইটাক
    চন্দ্ৰপুৰৰ বৰ বিলাত বন্যহস্তীৰ দল
Intro:বানৰ মাজতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ তিনি গজৰাজ




Body:বিগত তিনিদিনে নেৰানেপেৰা বৰষুণ দিয়াৰ ফলত ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰায় চাৰি লক্ষাধিক লোক বানৰ কৱলত। মানুহৰ লগতে জীৱ-জন্তুও বানৰ কৱলত পৰিছে। চন্দ্ৰপুৰৰ বৰ বিলাত আমছাংৰ পৰা খাদ্যৰ সন্ধানত তিনিটাকৈ বন্যহস্তী নামি অহাত শুকুৰবাৰে দিনৰ ভাগত অভয়াৰণ্যলৈ উভটি যোৱাৰ পথত কলং দিগৰু নৈৰ বাঢ়নী পানীত আবদ্ধ হৈ পৰে হাতীকেইটা। এনে পৰিস্থিতিত আতংকিত হয় সমগ্ৰ অঞ্চলবাসী। কিয়নো কলং ডিগাৰু নৈৰ সোতে হাটীকেইটাক ব্ৰহ্মপুত্ৰ নৈত পেলাই দিব পাৰে যাৰ বাবে যিকোনো মুহূৰ্তত হাটীকেইটা মৃত্যু মুখত পৰাৰ আশংকা কৰা হৈছে।

Byte স্থানীয় লোকConclusion:আবদ্ধ বন্যহস্তী কেইটাক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাই ৰাইজৰ লগতে বন বিভাগে। স্থানীয় ৰাইজে কেইবা ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলোৱাৰ পাছত নাৱেৰে গৈ হাতী কেইটা ওভতাই আনি ৰেলপথ অতিক্ৰম কৰাই আমছাং অভয়াৰণ্যলৈ খেদি পঠিয়াই।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.