ETV Bharat / state

কোন হ'ব মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী প্ৰধান সচিব ?

author img

By

Published : Oct 1, 2020, 5:53 PM IST

ইতিমধ্যে ৰাজ্যৰ দুজন শীৰ্ষ আই এ এছ বিষয়াই অসম এৰি যাবলৈ সাজু হৈছে দুই এদিনতে । সুদীৰ্ঘ সময়জুৰি মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা সঞ্জয় লোহিয়াও হৈছে বিষয়া কেইগৰাকীৰ মাজৰ অন্যতম ৷ তেন্তে কোন হ'ব মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী প্ৰধান সচিব ?

কোন হ'ব মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী প্ৰধান সচিব ?
কোন হ'ব মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী প্ৰধান সচিব ?

গুৱাহাটী, ১ অক্টোবৰ: ইটিভি ভাৰতৰ বাতৰি সত্য প্ৰমাণিত কৰি ইজনৰ পিচত সিজনকৈ আই এ এছ বিষয়া সাজু হৈছে অসম এৰিবলৈ ৷ একাংশ শীৰ্ষ আই এ এছ বিষয়াই যে এতিয়া বিভিন্ন কাৰণত অসমত কাম কৰিবলৈ ইচ্ছুক নহয় আৰু তেওঁলোকে যিকোনো প্ৰকাৰে নহওক কিয় অসম এৰি যাব খুজিছে সেই বিষয়ে বহু পূৰ্বেই ইটিভি ভাৰতে পৰিবেশন কৰিছিল বাতৰি ৷

সঞ্জয় লোহিয়া
সঞ্জয় লোহিয়া

উল্লেখযোগ্য যে ইতিমধ্যে ৰাজ্যৰ দুজন শীৰ্ষ আই এ এছ বিষয়াই অসম এৰি যাবলৈ সাজু হৈছে দুই এদিনতে । তেওঁলোক দুজনৰ ফাইলত ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও কৰিছে চহী ৷ সেই দুজন বিষয়া হ'ল সুদীৰ্ঘ সময়জুৰি মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা সঞ্জয় লোহিয়া আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্বত থকা ডঃ এম অংগমুথু ।

ডঃ এম অংগমুথু
ডঃ এম অংগমুথু

শীঘ্ৰে এই দুজন বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত যোগদান কৰিব । লোহিয়াই যোগদান কৰিব কেন্দ্ৰীয় খনি মন্ত্ৰণালয়ৰ যুটীয়া সচিবৰূপে । আনহাতে, ডঃ অংগমুথুৱে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰণালয়ৰ অধীনত থকা এগ্ৰিকালছাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্ট এক্সপ'ৰ্ট ডেভেলপমেন্ট অথ'ৰিটিৰ অধ্যক্ষ হিচাপে যোগদান কৰিব ।

এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰ
আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰ

ইপিনে লোহিয়াৰ অবৰ্তমানত মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী প্ৰধান সচিব কোন হ'ব তাকে লৈ চৰ্চা আৰম্ভ হৈছে দিছপুৰত । শীৰ্ষ আমোলা মহলৰ সূত্ৰ মতে কেইবাগৰাকীও আগশাৰীৰ আই এ এছ বিষয়াই মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ আসনত বহাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে । অৱশ্যে এইসকলৰ ভিতৰত সবাটোকৈ চৰ্চিত হৈছে দুই জ্যেষ্ঠ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰ আৰু ৰাজেশ প্ৰসাদৰ নাম ।

আই এ এছ বিষয়া ৰাজেশ প্ৰসাদ
আই এ এছ বিষয়া ৰাজেশ প্ৰসাদ

লগতে পঢ়ক: পাঠ্যক্ৰমৰ পৰা বাদ পৰিল কেতবোৰ বিষয় : কি কয় সচেতন মহলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.