ETV Bharat / state

সৰিয়হৰ ডুলিত ভূত: সচিবালয়ৰ পৰা চোৰে নিলে বিধায়কৰ বাহন

author img

By

Published : Jul 17, 2021, 5:31 PM IST

Updated : Jul 17, 2021, 8:00 PM IST

অসম সচিবালয় চৌহদৰ পৰা চুৰি হ'ল বিধায়ক ফণীভূষণ চৌধুৰীৰ বাহন ৷ এই সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে তিনিগৰাকী লোকক ৷

Who stole MLA phanibhushan Chaudhary's vehicle?
কোনে চুৰি কৰিলে বিধায়ক ফণীভূষণ চৌধুৰীৰ বাহন ?

গুৱাহাটী, 17 জুলাই : সৰিয়হৰ ডুলিত এইবাৰ ভূতৰ তাণ্ডৱ ৷ কোনো সাধাৰণ লোকৰ ক্ষেত্ৰত নহয়, নহয় কোনো সাধাৰণ ঠাই ৷ আপুনি হয়তো ভিতৰত সোমাই নাপালেও গুৱাহাটীৰ GS ৰোডৰ পৰা দেখিছে অসম সচিবালয়ৰ চৌহদ ৷ সচিবালয় চৌহদত দিনে-নিশায়ে তথা 24x7 Hours গিজগিজাই থাকে নিৰাপত্তাৰক্ষী ৷

নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পাচতো সচিবালয়ৰ ভিতৰত সংঘটিত হোৱা এটা কাণ্ডই কেৱল আপোনাকে নহয়, সকলোকে আচৰিত কৰি তুলিছে ৷ নক'লেও নোৱাৰি, ঘটনাটোৱে ফোঁপোলা স্বৰূপ উদঙাইছে অসম আৰক্ষীৰ ৷ কি আচৰিত ? কটকটীয়া নিৰাপত্তা তথা CCTV কেমেৰাৰে সুসজ্জিত অসম বিধানসভাৰ সচিবালয়ৰ ভিতৰৰ পৰাই চোৰে লৈ গ'ল এগৰাকী মন্ত্ৰীৰ বাহন ৷

চোৰে তেনেই সাধাৰণ লোকৰ বাহনো চোৰ কৰা নাই ৷ অসম সচিবালয়ৰ ভিতৰৰ পৰা চোৰে চুৰি কৰিছে প্ৰাক্তন মন্ত্ৰী তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বাহন ৷ আপুনি ঠিকে অনুমান কৰিছে বিধায়কগৰাকী তেনেই সাধাৰণ নহয় ৷

সচিবালয়ৰ পৰা চোৰে নিলে বিধায়কৰ বাহন

যোৱা পাঁচ বছৰে যোগান বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল ফণীভূষণ চৌধুৰী ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাহন চুৰি হোৱাৰ পাচতে সকলোৰে মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে আৰক্ষীৰ ৷ বিধায়কগৰাকীৰ বাহন চুৰি হোৱা ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তিনিগৰাকী লোকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে ৷

শেহতীয়াকৈ এক সূত্ৰই সদৰী কৰা মতে, নিজৰ গাড়ীচালকেই চুৰি কৰি নিছিল বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাহন ৷ চুৰি কৰি নিয়া বাহনখন নুমলীগড়ত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে পোহৰলৈ আহে সমগ্র ঘটনা । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হাৰেচ আলী, ছফিকুল আহমেদ আৰু আৰিফুল আলী নামৰ তিনিগৰাকী লোকক ।

আনহাতে, গাড়ীখনৰ চালকগৰাকীক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে । এই চুৰি কাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বিধানসভাৰ সচিবালয়ৰ ভিতৰৰ পৰা এগৰাকী বিধায়কৰ গাড়ী চুৰি হোৱাৰ পাছতে সমগ্ৰ নিৰাপত্তাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ।

লগতে পঢ়ক: Jeans, T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়ে

Last Updated : Jul 17, 2021, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.