ETV Bharat / state

Atmanirbharshil Asom Abhiyan: আপুনি কেনেকৈ লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ সুবিধা ? - হিতাধিকাৰী

শীঘ্ৰেই মুকলি হ'ব 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান'। ৰাজ্যজুৰি আঁচনিখনক লৈ বিশেষ চৰ্চা ৷ আঁচনিখনৰ যোগেদি কেতবোৰ নিয়মৰ মাজেৰে লাভ কৰিব পৰা যাব ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা ৷ হিতাধিকাৰীসকলে পূৰণ কৰিবলাগীব কেতবোৰ চৰ্ত ৷

Mukhyamantrir Atmanirbharshil Asom Abhiyan
শীঘ্ৰেই আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:17 PM IST

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: ৰাজ্যত অতি শীঘ্ৰেই আৰম্ভ হ'ব 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান' নামৰ এখন নতুন আঁচনি ৷ এই আঁচনিখনক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই আঁচনিখনৰ সফল ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে ৷ মুখ্যমন্ত্রীয়ে আঁচনিখনৰ যোগেদি দুই লাখ যুৱক-যুৱতীক স্বনিৰ্ভৰশীল কৰাৰ বাবে দুই লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰাৰ কথা সদৰী কৰিছিল ৷

এই নতুন আঁচনিখনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ২৩ নাইবা ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৷ এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি আঁচনিখনক লৈ বিশেষ চৰ্চা চলিছে ৷ কোনে আৰু কি নিয়মৰ মাজেৰে এই চৰকাৰী অনুদান লাভ কৰিব তাক লৈ সৰৱ চৰ্চা হৈছে ৷

Mukhyamantrir Atmanirbharshil Asom Abhiyan
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান

উল্লেখ্য যে আঁচনিখনৰ যোগেদি কেতবোৰ নিয়মৰ মাজেৰে লাভ কৰিব পৰা যাব ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা ৷ ইয়াৰ বাবে কেতবোৰ চৰ্ত তথা নিয়ম বান্ধি দিয়া হৈছে ৷ আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যম যোগেও আঁচনিখনৰ বিষয়ে অৱগত কৰে ৷

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত কয় যে এখন আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাৰ দিশত আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ শক্তিশালী নীতি আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ জৰিয়তে আমাৰ উদীয়মান যুৱক-যুৱতীসকলক তেওঁলোকৰ উদ্যমিতাৰ যাত্ৰাত কিছু সহায় আগবঢ়োৱাৰ প্ৰয়াস হিচাপে আমি শীঘ্ৰেই 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান' আৰম্ভ কৰিবলৈ ওলাইছোঁ বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে ৷

মুখ্যমন্ত্রীয়ে লগতে এই পদক্ষেপে অসমত উদ্যমিতাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে উদ্যমীতাৰ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ বাবে গ্ৰহণ কৰা 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান'-এ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ ক্ষুদ্র উদ্যোগী যুৱক-যুৱতীসকলক উৎসাহিত কৰি স্ব-উপাৰ্জনৰ সুযোগ-সুবিধা প্রদান কৰিব ৷

আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ পিছত স্ব-নিয়োজন, কৃষি আৰু উদ্যানশস্য, মীন পালন, হাঁহ-কুকুৰা তথা দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোছাক, গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেশ্যনেৰী, ফেব্ৰিকেচন তথা হাৰ্ডৱেৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কার্যকলাপক সামৰি লোৱা হ'ব ৷ আগন্তুক দুবছৰত আঁচনিখনৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীক সাঙুৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

এই আঁচনিখনৰ যোগেদি হিতাধিকাৰীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি মিশ্ৰিতভাৱে চৰকাৰী অনুদান আৰু সুতবিহীন চৰকাৰী ঋণ দুটা কিস্তিত ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকাকৈ লাভ কৰিব ৷ নির্বাচিত হিতাধিকাৰীসকলে উদ্যমিতা, পৰিচালনা আৰু একাউন্টিং দক্ষতা বৃদ্ধিৰ বাবে নির্বাচিত শৈক্ষিক তথা দক্ষতা প্রশিক্ষণ প্রতিষ্ঠানত এমাহৰ প্ৰশিক্ষণ ল'ব লাগিব ৷ য'ত তেওঁলোকক ১০,০০০ টকাকৈ বৃত্তি হিচাপে প্ৰদান কৰা হ'ব ৷

হিতাধিকাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তসমূহ হৈছে -

১. হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়সৰ সীমা ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ'ব লাগিব

২. শিক্ষাগত অৰ্হতা নূন্যতম দশম শ্রেণী উত্তীর্ণ হ'ব লাগিব

৩. উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ (আই টি আই. ডিপ্লমা ইত্যাদি) বাবে প্ৰয়োজনীয় দক্ষতা, জ্ঞান আদি থাকিব লাগিব

৪. পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব

৫. হিতাধিকাৰী চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব

৬. প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এই সুবিধাৰ বাবে যোগ্য হ'ব

৭. ২০২৩ চনৰ ১ এপ্রিলৰ পূর্বে নিয়োগ বিনিময় কেন্দ্রত (Employment Exchange) পঞ্জীয়ন কৰিব লাগিব

লগতে পঢ়ক : Assam irrigation: কৃষিখণ্ডৰ দুৰৱস্থা; ৰাজ্যৰ ৩৯ লাখ হেক্টৰ কৃষিভূমিৰ কেৱল ১৪ শতাংশতহে আছে জলসিঞ্চনৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.