ETV Bharat / state

জনীয়াত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন : দুলু আহমেদ - কংগ্ৰেছ দলৰ বিফলতাৰ অন্যতম কাৰণ হৈছে বিজেপি দলৰ প্ৰাৰ্থী তৌফিক ৰহমান

জনীয়াত কংগ্ৰেছ দলত অঘটন ৷ 42 হাজাৰ ভোটেৰে কংগ্ৰেছৰ আব্দুল খালেকে জয়লাভ কৰা আসন কিয় উপ নিৰ্বাচনত হেৰুৱালে কংগ্ৰেছ দলে ? জনীয়াত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন দুলু আহমেদৰ ৷

জনীয়াত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন : দুলু আহমেদ
author img

By

Published : Oct 24, 2019, 2:02 PM IST

Updated : Oct 24, 2019, 3:09 PM IST

জনীয়া, 24 অক্টোবৰ: বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ৰাজ্যৰ চাৰিটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা। পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাত বিজেপি দলে তিনিটাকৈ সমষ্টিত অগ্ৰগতি লাভ কৰাৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফে জনীয়া সমষ্টিত অগ্ৰগতি লাভ কৰি আছে। ৰঙাপৰা,ৰাতাবাৰী আৰু সোনাৰী সমষ্টিত অগ্ৰগতি লাভ কৰি আছে বিজেপি দলে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ দুলু আহমেদৰ প্ৰতিক্ৰিয়া

অৱশ্য়ে কংগ্ৰেছৰ দখলত থকা একমাত্ৰ জনীয়া সমষ্টিটো কংগ্ৰেছ দলে আসন হেৰুৱাৰ উপক্ৰম হৈছে । কংগ্ৰেছে নিজৰ এজমাত্ৰ আসন ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ দুলু আহমেদে ।

আহমেদে কয় যোৱা তিনি মাহত লোকসভা নিৰ্বাচনত 42 হাজাৰ ভোটেৰে জনীয়া সমষ্টিত কংগ্ৰেছ দলে জয়লাভ কৰা পাচত কি কাৰণত উপ-নিৰ্বাচনত কংগ্ৰেছ ইয়াত পৰাজয়ৰ সন্মুখীন হৈছে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে দুলু আহমেদে ৷ ইপিনে দলৰ বিফলতাৰ অন্যতম কাৰণ হৈছে বিজেপি দলৰ প্ৰাৰ্থী তৌফিক ৰহমান। বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে বাবে কংগ্ৰেছৰ ভোট বিভক্ত হোৱাৰ ফলতে কংগ্ৰেছ দলে জনীয়া সমষ্টি দখল কৰাত সক্ষম নহ'ল বুলি উল্লেখ কৰে। পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ এই পৰাজয়ৰ কাৰণ দলে বিশ্লেষণ কৰিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে,ধাৰ্মিক সংখ্যালঘু প্ৰধান জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সমষ্টিটোত কংগ্ৰেছৰ জনপ্ৰিয়তা কিছু হ্ৰাস পাইছে বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছিল ।

Intro:জনীয়াত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন। ৪২ হাজাৰ ভোটেৰে কংগ্ৰেছৰ আব্দুল খালেক জয়লাভ কৰা আসন কিয় উপ নিৰ্বাচনত হেৰুৱালে কংগ্ৰেছ দলে ?

Body:ৰাজ্যৰ চাৰিটাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আজি অনুষ্ঠিত হৈছে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাত বিজেপি দলে তিনিটাকৈ সমষ্টিত অগ্ৰগতি লাভ কৰাৰ পৰিবৰ্তে বদৰুদ্দিন আজমল দল এ আই ইউ ডি এফে জনীয়া সমষ্টিত অগ্ৰগতি লাভ কৰি আছে। বিজেপি দলে তেওঁলোকৰ দখলত থকা ৰঙাপাৰা, ৰাতাবাৰী আৰু সোনাৰীকে ধৰি তিনিওটা আসন ৰক্ষা কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত, হৈছে যদিও কংগ্ৰেছৰ দখলত থকা একমাত্ৰ জনীয়া আসনখন কংগ্ৰেছ দলে হেৰুৱাৰ উপক্ৰম হৈছে। কংগ্ৰেছে নিজৰ এজমাত্ৰ আসন ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ দুলু আহমেদে। আহমেদে কয় ৪২ হাজাৰ ভোটেৰে জনীয়া সমষ্টি কংগ্ৰেছ দলে জয়লাভ কৰি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল যদিও উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিফলতাৰ অন্যতম কাৰণ হৈছে বিজেপি দলৰ প্ৰাৰ্থী তৌফিক ৰহমান। বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে বাবে কংগ্ৰেছৰ ভোট বিভক্ত হোৱাৰ ফলত কংগ্ৰেছ দলে জনীয়া সমষ্টি দখল কৰাত সক্ষম নহ'ল। পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ এই পৰাজয়ৰ কাৰণ দলে বিশ্লেষণ কৰিব।

বাইট : দুলু আহমেদ, মুখপত্ৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Conclusion:উল্লেখ্য যে ধাৰ্মিক সংখ্যালঘু প্ৰধান জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিতটোত কংগ্ৰেছৰ জনপ্ৰিয়তা কিছু হ্ৰাস পাইছে বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছিল।
Last Updated : Oct 24, 2019, 3:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.