গুৱাহাটী, 22 নৱেম্বৰ : আগন্তক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ৷ প্ৰতিটো দলে নিজৰ ভেটি সবল কৰিবৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ৷
ইফালে, ৰাজ্যত নতুনকৈ গঠিত 'অসম জাতীয় পৰিষদ'ৰ মাজতো তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দেওবাৰে মহানগৰীৰ 1 নং ৱাৰ্ডত 'অসম জাতীয় পৰিষদে' ৱাৰ্ড কমিটী গঠন কৰে । উক্ত সভাত উপস্থিত থাকে 'অসম জাতীয় পৰিষদ'ৰ ৰাজ্যিক সমন্বয়ক অদীপ ফুকন, মুখপাত্ৰ জীয়াউৰ ৰহমানকে প্ৰমুখ্যে কৰি দলটোৰ ভালেমান ৰাজ্যিক পৰ্যায়ৰ নেতা-কৰ্মী ।
লগতে পঢ়ক : ডিচেম্বৰত AJPৰ গুৰি ধৰিব লুৰিণজ্যোতি গগৈয়ে
উক্ত সভাতে কমিটী গঠন কৰি AJP য়ে বিজেপি-অগপক উৎখাত কৰাৰ সংকল্প গ্ৰহণ কৰে । অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিত ঠিয় হৈ 2021 চনত পশ্চিম গুৱাহাটীত অগপক পৰাস্ত কৰাৰ হুংকাৰ AJP ৰ ৰাজ্যিক সমন্বয়ক অদীপ ফুকনৰ । লগতে, 2021 চনত গুৱাহাটীৰ আটাইকেইটা সমষ্টিতে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰাৰ্থী ঠিয় কৰোৱাৰ কথা অবগত কৰিলে ৰাজ্যিক সমন্বয়ক গৰাকীয়ে । সাম্প্ৰদায়িক চিন্তাৰে যাতে সমাজক দ্বিখণ্ডিত কৰিব নোৱাৰে তাৰ বাবে অসম জাতীয় পৰিষদে এক নিৰন্তৰ সংগ্ৰাম কৰি যাব বুলি উল্লেখ কৰে ৰাজ্যিক সমন্বয়ক অদীপ ফুকনে ।
লগতে পঢ়ক : শীতকালৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হিচাপে পৰিণত চেখা হ্ৰদ