ETV Bharat / state

Amrit Kalash Yatra 2023: অমৃত কলহ লৈ নতুন দিল্লীত উপস্থিত অসমৰ স্বেচ্ছাসেৱক

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 8:41 PM IST

শনিবাৰে অমৃত কলহ লৈ অসমৰ স্বেচ্ছাসেৱকসকল উপস্থিত হ’ল নতুন দিল্লীত ৷ স্বেচ্ছাসেৱকসকলক আদৰণি জনায় মন্ত্ৰী বিমল বড়াই ৷

Amrit Kalash Yatra 2023
অমৃত কলহ লৈ অসমৰ স্বেচ্ছাসেৱকসকল উপস্থিত নতুন দিল্লীত

গুৱাহাটী, 28 অক্টোবৰ : অমৃত কলহ লৈ শনিবাৰে অসমৰ স্বেচ্ছাসেৱকসকল উপস্থিত হ’ল নতুন দিল্লীত ৷ ‘‘মোৰ মাটি মোৰ দেশ’’ শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাৰ জৰিয়তে অসমৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা হৈছিল মাটি ৷ মাটি ভৰ্তি অমৃত কলহ কঢ়িয়াই ৰে’লেৰে নতুন দিল্লীত উপস্থিত হোৱা স্বেচ্ছাসেৱকসকলক আজি নতুন দিল্লীৰ ৰে’ল ষ্টেচনত অসমৰ মন্ত্রী বিমল বড়াই আদৰণি জনায় ।

উল্লেখ্য যে, 27 অক্টোবৰত গুৱাহাটীৰ পৰা সাতগৰাকী চৰকাৰী বিষয়াৰ তত্বাৱধানত যাত্ৰা কৰা অমৃত কলহৰ যাত্ৰীসকল আজি নতুন দিল্লীত উপস্থিত হোৱাৰ পাচতে মন্ত্রী বিমল বড়াৰ নেতৃত্বত গায়ন-বায়নৰ এটি দল আৰু বিহু নৃত্য শিল্পীৰ এটি দলে আদৰণি জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ-প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰা আৰু ৰাষ্ট্ৰীয় একতাৰ ভাৱ জাগৃত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ পৰা মাটি সংগ্ৰহ কৰি নতুন দিল্লীৰ কৰ্তব্য পথত থকা বীৰভূমিৰ দাঁতিত নিৰ্মাণ কৰিব লগা ‘‘অমৃত উদ্যানত’’ এই মাটি ব্যৱহাৰ কৰা হ'ব ।

সাংস্কৃতিক মন্ত্রী বড়াই তেওঁৰ আদৰণি ভাষণত কয় যে, অনাগত দিনত এই অমৃত উদ্যান নিৰ্মাণ হৈ উঠিলে ইয়াক দৰ্শন কৰি যাতে ইয়াত আমাৰো মাটি আছে বুলি দেশৰ প্ৰতিগৰাকী নাগৰিকে উপলব্ধি কৰিব পাৰে ৷ তাৰ বাবেই ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰাৰ জৰিয়তে সমগ্র ভাৰতবৰ্ষৰ পৰা মাটি সংগ্ৰহ কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী বড়াই ৷

আনহাতে অসমৰ আটাইকেইখন জিলাৰ পৰা 270 টা পিতলৰ কলহত মাটি কঢ়িয়াই 270 গৰাকী স্বেচ্ছাসেৱক আজি নতুন দিল্লীত উপস্থিত হয় । স্বেচ্ছাসেৱকসকলক তত্বাৱধান লোৱা সাতগৰাকী বিষয়াৰ লগতে চিকিৎসক আৰু আৰক্ষীও আছিল । দিল্লীৰ অসম এছ'চিয়েচনৰ সহযোগত অনুষ্ঠিত অমৃত কলহ যাত্ৰীৰ আদৰণি অনুষ্ঠানত যাত্রীসকলক পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে তত্ত্বাৱধায়কসকলক পৰম্পৰাগত গামোচাৰে সম্ভাষণ জনোৱা হয়।

পাচত যাত্ৰীসকলক বাছেৰে সমূহীয়াকৈ থকাৰ ব্যৱস্থা কৰা স্থানলৈ লৈ যোৱা হয় । 31 অক্টোবৰত কৰ্তব্য পথত সমগ্ৰ দেশৰ পৰা মাটি কঢ়িয়াই অনা লোকসকল একত্রিত হ'ব আৰু এই মাটি ‘‘অমৃত উদ্যানৰ’’ উদ্যেশ্যে অৰ্পণ কৰিব । উক্ত অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ।

আজিৰ আদৰণি অনুষ্ঠানত মন্ত্রী বিমল বড়াৰ লগতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড৹ বি কল্যাণ চক্ৰৱৰ্তী, নতুন দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত ড৹ এম এছ মণিৱন্নন, সাংস্কৃতিক বিভাগৰ সচিব মণিদীপা বৰকটকী, যুটীয়া সচিব ৰাজীৱ থাপা, উপ-সচিবদ্বয় ক্ৰমে নয়না বড়া আৰু অণুৰাগ ফুকনকে ধৰি কেবাগৰাকী বিষয়াৰ লগতে দিল্লীৰ অসমীয়া সমাজৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক:Price hike of essential commodities: মূল্যবৃদ্ধি ৰোধৰ চৰকাৰৰ নিৰ্দেশনা অসাৰ : ৰাজ্যজুৰি অচল আমাৰ দোকান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.