ETV Bharat / state

Silsako eviction: উচ্ছেদিতৰ চিঞৰ কাণত পৰিবগৈনে মুখ্যমন্ত্ৰীৰ ?

author img

By

Published : Jun 21, 2023, 8:43 PM IST

Updated : Jun 21, 2023, 9:08 PM IST

উচ্ছেদিতৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, জয়ন্ত মল্ল বৰুৱাই চৰকাৰী পুঁজি ব্যয় কৰি বোন্দাজান বিল পুতি পথ নিৰ্মাণৰ সাহস ক’ত পালে ?

silsako eviction
শিলসাঁকো উচ্ছেদ
সংবাদমেল

গুৱাহাটী, ২১ জুন : শিলসাঁকোত বাচি বাচি মানুহৰ ঘৰৰ উচ্ছেদ চলোৱা হৈছে । অথচ শিলসাঁকোৰ বুকুত থিয় হৈ থকা ব্যক্তিগত বহু প্ৰতিষ্ঠানত এতিয়াও কিয় উচ্ছেদ চলাব পৰা নাই চৰকাৰ প্ৰশাসনে । উচ্ছেদক লৈ চৰকাৰৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিল শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজ ৷

বুধবাৰে শিলসাঁকোত এক সংবাদমেল আয়োজন কৰি উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ একাংশই কয়, শিলসাঁকোৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া লোকক উচ্ছেদ কৰা চৰকাৰখনে বহিৰাগত পুঁজিপতি হিম্মৎ সিংকাৰ অট্টালিকা ভাঙিব পাৰিবনে ! মন্ত্ৰীজয়ন্ত মল্ল বৰুৱাই চৰকাৰী পুঁজি ব্যয় কৰি বোন্দাজান বিল পুতি পথ নিৰ্মাণ কৰি আছে, সেয়া বাধা দিবলৈ সাহস কৰিব পাৰিবনে !

প্ৰতিবাদকাৰীয়ে লগতে কয়, "আমাৰ মূল কথা হৈছে, উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা । শিলসাঁকোৰ পাৰত থকা কোনো লোক বেদখলকাৰী নহয় বুলি উল্লেখ কৰি কয়, আমি ১৯৭১ চনতে ভূমি পট্টাৰ বাবে আৱেদন কৰিছিলোঁ, কিন্তু আজিলৈকে নাপালোঁ । ২০২২ চনৰ ১৩ মে’ত শিলসাঁকোত প্ৰথম উচ্ছেদ চলিছিল । চৰকাৰে কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা নকৰা বাবে আজিও সেই লোকসকল অঘৰীৰ দৰে থাকিব লগা হৈছে । আমি ইখনৰ পাচত সিখন চিঠি দিছোঁ কিন্তু চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই" ।

ইফালে শিলসাঁকোত প্ৰতিবাদকাৰী আৰু উন্নয়ন সমিতিৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁলোকে কয়, "হাজাৰ আৰক্ষী থকাৰ পাচতো আমি ভয় কৰা নাই তেন্তে ২০ খন উন্নয়ন কমিটিলৈ কি ভয় কৰিম" ?

লগতে পঢ়ক : Erosion at Panikhaiti: খহনীয়া ৰোধিব পাৰিবনে জিঅ’ বেগে! ব্ৰহ্মপুত্ৰত জাহ গ’ল কোটি টকীয়া জিঅ’ বেগ

Last Updated : Jun 21, 2023, 9:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.