গুৱাহাটী, ৬ এপ্ৰিল : চলিত বিধানসভা অধিবেশনৰ ত্ৰয়োদশ দিন বুধবাৰে কেইবাখনো বিধেয়ক গৃহীত কৰা হয় (Assam Assembly Budget Session 2023) । বুধবাৰে বিধানসভাৰ অধিবেশন প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় । তাৰ পিছত কেইবাখনো উত্থাপিত বিধেয়কৰ ওপৰত আলোচনা হয় । সদনত The Assam elementary and secondary school teacher (regulation of posting and transfer, amendment bill, 2023) The Assam science and technology University (amendment bill, 2023), The Indian partnership (Assam amendment) bill, 2023, The Assam real asset regulation amendment bill, 2022 গৃহীত কৰা হয় ।
মন কৰিবলীয়া যে সদনত The Assam elementary and secondary school teacher (regulation of posting and transfer, amendment bill, 2023) সন্দৰ্ভত বিৰোধী দলে বিভিন্ন সংশোধনী প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও অধ্যক্ষই বহুমতৰ ভিত্তিত বিৰোধী দলৰ বিভিন্ন সংশোধনী প্ৰস্তাৱ নাকচ কৰে । ইপিনে সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰীকাই যোগান বিভাগৰ মন্ত্ৰীৰ হৈ The Assam food security rule, 2022 আৰু The Assam food security amendment rules, 2022-ৰ অসাধাৰণ ৰাজপত্ৰ উত্থাপন কৰে ।
উল্লেখ্য যে বিধানসভাত বুধবাৰে কৃষি, মীন, পশুপালন, পৰিবহণ, অসম চুক্তি ৰূপায়ণ, আবকাৰী আদি বিভাগৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হয় । ইপিনে সদনত ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে যে 'শিক্ষকৰ বদলিকৰণ অধিকাৰ নহয়, সহমৰ্মিতাৰেহে সম্পন্ন হয় এই প্ৰক্ৰিয়া' (Education minister Ranoj Pegu) । আইন উলংঘাৰে শিক্ষকৰ বদলি কৰা বিষয়াৰ জৰিমনা ১ লাখ টকালৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ সদৰী কৰে । শিক্ষা মন্ত্ৰীয়ে লগতে জনায় যে বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মান নিৰীক্ষণ কৰা হ'ব । তিনিটা পৰ্যায়ত সম্পন্ন হ'ব এই নিৰীক্ষণ ।
প্ৰথম পৰ্যায়ত সম্পন্ন হ'ব ৫০ হাজাৰ টকালৈকে ইউনিফৰ্ম ক্ৰয় কৰা বিদ্যালয়ৰ নিৰীক্ষণ । দ্বিতীয় পৰ্যায়ত ২.৫০ লাখ টকা পৰ্যন্ত ইউনিফৰ্ম ক্ৰয় কৰা বিদ্যালয়ৰ নিৰীক্ষণ কৰা হ'ব । তৃতীয় পৰ্যায়ত ১ লাখ টকালৈকে ইউনিফৰ্ম ক্ৰয় কৰা বিদ্যালয়ৰ নিৰীক্ষণ কৰা হ'ব । ইউনিফৰ্ম নিৰীক্ষণ প্ৰক্ৰিয়াত জড়িত হ'ব বিশেষজ্ঞ । মন কৰিবলগীয়া যে সদনত বুধবাৰে অসম চুক্তি ৰূপায়ণৰ বিষয়ক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ তৰ্ক যুদ্ধ হয় । যাৰ ফলত সদনৰ মজিয়া উত্তাল হৈ পৰে । পিছত কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে ।