গুৱাহাটী , 04 মে' : প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ বাবে সুখবৰ ৷ ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকনলজি মেঘালয়ে , দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলৰ বাবে কলা বিভাগত এক নতুন স্নাতক পাঠ্যক্ৰমৰ সূচনা কৰিছে ৷
প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি লগতে সফলতা লাভৰ উদ্দেশ্য আগত ৰাখিয়েই ইউ.এছ.টি.এমে " চেন্টাৰ ফৰ কম্পিটিটিৱ এক্জামিনেচন এণ্ড প্লেচমেণ্ট " শীৰ্ষক এটা বিভাগ মুকলি কৰিছে ৷ ইউ.এছ.টি.এমৰ আচাৰ্য মহববুল হ'কে জনোৱা অনুসৰি তিনি বছৰীয়া পাঠ্যক্ৰমৰ প্ৰস্তুতিৰে প্ৰশাসনীয় লগতে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সাজু কৰিব ৷ তিনি বছৰীয়া এই পাঠ্যক্ৰমত 6 টা ছেমিষ্টাৰ আৰু প্ৰতিটো ছেমিষ্টাৰত ছয়টা বিষয়ত ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰিব বুলি জনায় ইউ.এছ.টি.এমৰ আচাৰ্য গৰাকীয়ে ৷ উল্লেখ্য যে নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণী ছাত্ৰ ছাত্ৰী সকলে 70 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব ৷