গুৱাহাটী, ১৪ এপ্ৰিল: সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে অসমবাসীলৈ জনাইছে ৰঙালী বিহুৰ শুভেচ্ছা । বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটযোগে অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।
ৰাষ্ট্ৰপতি বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনে দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াৰ ভিন্ন প্ৰান্তত বৰ্তমান উদযাপিত হৈ থকা বিভিন্ন উৎসৱৰ বাবে সেই অঞ্চলৰ জনতাক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে । বাইডেন দম্পত্তিয়ে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন উৎসৱৰ তালিকাৰ মাজত অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৱেও স্থান লাভ কৰে ৷