গুৱাহাটী, ২৫ অক্টোবৰ: "বিধায়ক শিলাদিত্য দেৱে আদালতক অৱমাননা কৰিছে" এই গুৰুতৰ অভিযোগ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সাঙুৰি শিলাদিত্য দেৱে কৰা কেতবোৰ মন্তব্যৰ প্ৰসংগত এইদৰে কয় উপমন্যু হাজৰিকাই।
হাজৰিকাৰ মন্তব্য - " কেৱল টেলিভিচনৰ সমুখত বহি বৰ বৰ কথা ক'লেই নহ'ব। তেঁও অসমীয়াত এনে বক্তব্য আগবঢ়াইছে বাবেই হয়তো বিষয়টো উচ্চতম ন্যায়ালয়ৰ চকুত পৰা নাই। কিন্তু কোনোবাই যদি তেওঁৰ সেই কথাখিনি ইংৰাজীলৈ অনুবাদ কৰি ন্যায়ালয়ত জমা দিয়ে তেন্তে ন্যায়ালয়ে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। " উল্লেখ্য যে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিচতেই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপি বিধায়ক শিলাদিত্য দেৱে বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য আগবঢ়াই আহিছে।