গুৱাহাটী, ১০ এপ্ৰিল: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চৌদিশে তুংগত থকাৰ সময়ত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমর্থনত মহানগৰীৰ খাৰঘূলি, শালবাৰী অঞ্চলত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় (Sarbananda Sonowal campaigns in GMC election)। প্ৰথমে খাৰঘূলিত ৩২, ৩৩, ৩৪ আৰু ৩৫ নং ৱাৰ্ডৰ বাবে মিত্ৰজোঁটৰ প্ৰার্থী ক্ৰমে নীলমজ্যোতি ভূঞা, মীৰা দাস চহৰীয়া, জোনমণি ডেকা আৰু নবীন বৰাৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলায় ।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে দিছপুৰ সমষ্টিৰ অন্তর্গত শালবাৰীত ৫২, ৫৩, ৫৫, ৫৬, ৫৭, ৫৮ নং ৱাৰ্ডৰ প্ৰার্থী ক্ৰমে গকুল গোস্বামী, লিপিকা পাটোৱাৰী কলিতা, মনোজ নাথ, ৰাখী বৰা, কবিতা শৰ্মা আৰু গৌৰী বৰাৰ সমৰ্থনত প্ৰচাৰ চলায় । নিৰ্বাচনী প্ৰচাৰ সভাকেইখনত ভোটাৰ ৰাইজক সম্বোধন কৰি সোণোৱালে কয় যে বিগত ছটা বছৰত সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ ৰাইজে চৌদিশে অভূতপূৰ্ব পৰিৱৰ্তন লাভ কৰিছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰ বাবেই এই আমূল পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে । বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰে গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে বিকশিত কৰাত যথেষ্ট গুৰুত্ব দিছে । পূৰ্বতে কংগ্ৰেছে কেৱল লুক ইষ্ট প'লিচী(Look East Policy) কাগজৰ পাততহে আবদ্ধ কৰি ৰাখিছিল বুলি অভিযোগ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এক্ট ইষ্ট নীতি(Act East Policy)ৰ প্ৰৱর্তনেৰে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ এক সম্ভাৱনাপূর্ণ আৰু গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে প্ৰাধান্য দিয়াই নহয়, গুৱাহাটীক সমগ্ৰ অঞ্চলৰ দুৱৰামুখ হিচাপে জিলিকাই তুলিছে ।
গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা আদিৰ স্থায়ী সমাধানসূত্ৰ উলিওৱাৰ বাবে বিজেপি চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীক এখন মেগা চিটী হিচাপে গঢ় দিয়াত বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰেই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে (Guwahati to build as mega city)। এতিয়া গুৱাহাটী যাতায়াত-যোগাযোগৰ এক শক্তিশালী প্ৰাণকেন্দ্ৰ হৈ পৰিছে । ভৱিষ্যতে গুৱাহাটী দেশৰ এখন আগশাৰীৰ আৰু জাকত-জিলিকা চহৰ হিচাপে গঢ়ি উঠাটো নিশ্চিত বুলি তেওঁ কয় ।
কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই ভাৰতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাছিল । কংগ্ৰেছৰ শাসন আছিল অন্ধকাৰচ্ছন্ন আৰু দুর্নীতিৰে ভৰপূৰ । কংগ্ৰেছৰ শাসনকালত গুৱাহাটীৰ ৰাইজে বিভিন্ন দিশত দুৰ্ভোগ ভুগিবলগীয়া হৈছিল । সেয়েহে কংগ্ৰেছক ৰাইজে পোনছাটেই অস্বীকাৰ কৰিছে বুলি তেওঁ কয় ।
এখন দ্ৰুত উন্নয়নমুখী, পৰিৱৰ্তনশীল আৰু স্মার্ট গুৱাহাটী গঢ় দিয়াৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজৰ প্ৰতি তেওঁ আহ্বান জনায় । নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা প্ৰমুখ্যে দলীৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।
লগতে পঢ়ক: শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত পৰিল হাতুৰীৰ কোব