গুৱাহাটী, 22 মাৰ্চ : গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড । মহানগৰীৰ পানীখাইটি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁৱৰ তাৰিবাগানত মংগলবাৰে উলংগ অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ (Unidentified dead body found at Panikhaiti) । উল্লেখ্য যে, পুৱা প্ৰায় ১০.৩০ বজাত স্থানীয় একাংশ লোকে নাৰেংগী চন্দ্ৰপুৰ পথৰ দাঁতিত ,তাৰিবাগানত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে ।
ইয়াৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে দিয়া খবৰৰ ভিত্তিত ঘটনাস্থলীত পানীখাইতি আৰক্ষীৰ লোক উপস্থিত হয় । কিছুসময়ৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া,চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে স্নিফাৰ ডগেৰে তন্ন তন্নকৈ পৰীক্ষা কৰে । অৱশ্যে এই মূহোৰ্তলৈকে মহিলাগৰাকীৰ কোনো পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷
ইফালে, উদ্ধাৰ হোৱা যুৱতীগৰাকীক কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । স্থানীয়একাংশ লোকে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে । এই ঘটনাৰ পিছতে উদ্ধাৰকৃত যুৱতী গৰাকীৰ মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক : Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন