গুৱাহাটী, ২ জুলাই: তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত সেনাৰে হোৱা সংঘৰ্ষত নিহত আলফাৰ (স্বাধীন) সদস্য জ্ঞান অসম ওৰফে সন্তোষ গগৈক 'অমৰ মৃতক' ঘোষণা কৰিছে আলফা স্বাধীনে( ULFA Independent declares Gyan Assam 'Amar mritak' killed in kakpathar )। উল্লেখ্য় যে শুকুৰবাৰে সেনা আৰু আৰক্ষীৰ এটা দলৰ সৈতে কাকপথাৰ থানা এলেকাৰ দ-পথাৰ মাজগাঁৱৰ এঘৰত আশ্ৰয় লৈ থকা আলফাৰ(স্বাধীন) এটা দলৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষত আলফৰ (স্বাধীন)সদস্য জ্ঞান অসম ওৰফে সন্তোষ গগৈ নিহত হয় । অৱশ্য়ে নিহত আলফা সদস্যজনে ব্যৱহাৰ কৰা বন্দুকটো সতীৰ্থসকলে লৈ পলায়ন কৰে।
আনফালে ঘটনাস্থলীত সেনা,আৰক্ষী, চি আৰ পি এফৰ উচ্চপদস্থ বিষয়াৰ লগতে ভালেসংখ্যক নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈ দ-পথাৰ,চেঙেলীজান, বৰাচুক, মৃদংপৰা,হাঁহখাটি আদি কৰি এক বৃহৎ এলেকা ঘেৰি পলাতক সদস্যকেইজনৰ সন্ধানত তীব্ৰ অভিযান চলায়( Army, Police, CRPFs joint operation against ULFA)। বোকা-পানী গছকি দুয়োপক্ষই সংঘৰ্ষত লিপ্ত হোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ আতংকিত হৈ পৰে। ঘটনাস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে আলফা সদস্যকেইজনে ব্যৱহাৰ কৰা চাৰিটা বেগ উদ্ধাৰ কৰে । বেগকেইটাত ভালেসংখ্যক ডিটনেটৰ আৰু আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰে ।
নিহত জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ ঘৰ শদিয়াৰ বচাগাঁৱত । এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফাৰ (স্বাধীন) সেনাধ্য়ক্ষ পৰেশ বৰুৱাই এক বিবৃতি প্ৰকাশ কৰিছে (ULFA Independent Chief Paresh Baruah)। বিবৃতিটোত পৰেশ বৰুৱাই কয় যে অসমৰ সন্মিলিত স্বাধীনতাৰ জাতীয় মুক্তি বিপ্লৱখনৰ তেজে ধোঁৱা পথত তেওঁৰ অৱদান আৰু আত্মত্যাগে নতুন প্ৰজন্মৰ সংগ্ৰামী সতীৰ্থক যুগে যুগে অনুপ্ৰাণিত কৰিব। তেওঁ জ্ঞান অসমক অমৰ মৃতক আখ্যা দি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি কয় যে তেওঁৰ সৰ্ব্বোচ্চ ত্যাগ অথলে যাবলৈ দিয়া নহ'ব । আন এক বিবৃতি যোগে আলফাৰ (স্বাধীন) সাধাৰণ সম্পাদক অৰুণোদয় অসমে জ্ঞান অসম ওৰফে সন্তোষ গগৈক 'অমৰ মৃতক' ঘোষণা কৰাৰ কথা সদৰি কৰিছে ।
উল্লেখ্য় যে উজনি অসম পুনৰ ৰক্তাক্ত হোৱাৰ আশংকা কৰা হৈছে । সুদীৰ্ঘ কাল ধৰি উজনি অসমত আলফাৰ (স্বাধীন) গতিবিধি নিষ্ক্ৰিয় আছিল যদিও নিষিদ্ধঘোষিত সংগঠনটোৰ একপক্ষীয় যুদ্ধবিৰতিৰ মাজত সংগঠনটোলৈ ঢাপলি মেলিছিল ভালেসংখ্যক যুৱক-যুৱতী, বিবাহিত পুৰুষ-মহিলাই । আনহাতে,দীৰ্ঘ সময় ধৰি নিৰাপত্তাৰক্ষীৰে আলফাৰ (স্বাধীন)কোনো সংঘৰ্ষ হোৱা নাছিল । কিন্তু উজনিৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত শুকুৰবাৰে সংঘটিত সংঘৰ্ষই নব্বৈ দশকৰ বিভীষিকা কঢ়িয়াই অনা বুলি চৰ্চিত হৈছে । সমান্তৰালভাৱে এই সংঘৰ্ষক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
লগতে পঢ়ক:পাৰিবাৰিক কন্দলৰ ভয়ংকৰ ৰূপ: চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ ব্যৱসায়ীক