ETV Bharat / state

প্ৰসংগ : গ্ৰেনেড বিস্ফোৰণ; অসম আৰক্ষীক মিথ্যাচাৰী বুলিলে আলফা(স্বা)ই - অসম আৰক্ষীক মিথ্যাচাৰী বুলিলে আলফা

ULFA-I statement on latest grande blast : শেহতীয়াকৈ অসমৰ তিনি স্থানত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত যিকেইজন যুৱকক অসম আৰক্ষীয়ে আটক বা গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক আলফা(স্বা)ৰ সৈতে জড়িত নহয় ৷ বৃহস্পতিবাৰে আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰে ৷

Grande blast in various places of Assam
প্ৰসংগ : গ্ৰেনেড বিস্ফোৰণ
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 4:12 PM IST

নিউজ ডেস্ক, 21 ডিচেম্বৰ : শেহতীয়াকৈ অসমৰ তিনি স্থানত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত আৰক্ষীয়ে যোৰহাট, গুৱাহাটীকে ধৰি বিভিন্ন স্থানৰ পৰা যোগসূত্ৰ থকাৰ অভিযোগত যিকেইজন যুৱকক আটক বা গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ এজনো আলফা(স্বা)ৰ সৈতে জড়িত নহয় ৷ বৃহস্পতিবাৰে এক বিবৃতিৰযোগে এই কথা স্পষ্ট কৰি দিয়ে ৷

আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে কয়,

‘‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)" সংগঠনৰ সহযোগকাৰীৰূপে বা উল্লিখিত অভিযান সমূহৰ সন্দৰ্ভত গ্ৰেপ্তাৰ আৰু আটকাধীন যুৱকসকল কোনো প্ৰকাৰে জড়িত নহয় । এই সময়চোৱাত সেইসকল নিৰীহ যুৱকক আটক আৰু গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে যি আত্মসন্তুষ্টি লাভ কৰিব বিচাৰিছে সেয়া প্ৰকৃততে অসম আৰক্ষীয়ে নিজৰ বিফলতাৰ দোষ ঢাকিবলৈ কৰা এক বিনিৰ্জিত প্ৰয়াস মাথো । অসম আৰক্ষীৰ এনে কৰ্ম গৰিহণাৰ যোগ্য আৰু নিন্দনীয় ।’’ (অসম্পাদিত)

উল্লেখ্য যে, সংযুক্ত মুক্তি বাহিনী, অসম (স্বা) সংগঠনৰ দ্বাৰা যোৱা ইংৰাজী 22 নৱেম্বৰ, 9 ডিচেম্বৰ আৰু 14 ডিচেম্বৰ 2023 তাৰিখে কাকপথাৰ, শিৱসাগৰ আৰু যোৰহাটত বোমা বিস্ফোৰণ কৰা হৈছিল ৷ এই বোমা বিস্ফোৰণৰ সৈতে আলফা(স্বা) জড়িত বুলি প্ৰেছ বিজ্ঞপ্তিযোগে স্বীকাৰো কৰিছিল ৷

তাৰ পাচতেই আলফা(স্বা) জড়িত থকাৰ সন্দেহত যোৱা চলিত মাহৰ 16 তাৰিখে গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা কেবাজনো যুৱকক অসম আৰক্ষীয়ে প্ৰথমে সোধ-পোছৰ বাবে আটক কৰি পিচত গ্ৰেপ্তাৰ কৰে ৷ আনহাতে, আলফা স্বাধীনৰ ভাবুকিৰ পিচতে নিৰাপত্তাজনিত বিষয়ক লৈ ইখনৰ পাচত আনখন বৈঠক অনুষ্ঠিত কৰিছে ।

লগতে পঢ়ক : DGP জি পি সিঙক প্ৰত্যুত্তৰ আলফা স্বাধীনৰ; গুৱাহাটীত মাত্ৰ এসপ্তাহ মুকলিকৈ টহল দিয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.