ETV Bharat / state

ULFA I Executes Two Cadre: দুই কেডাৰক হত্যা কৰাৰ কাৰণ স্পষ্ট কৰিলে আলফা স্বাধীনে

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:46 PM IST

দুই সদস্যক মৃত্যুদণ্ড দিয়াৰ কাৰণ উল্লেখ কৰিলে আলফা (স্বাঃ) এ ৷ দুগৰাকী সদস্যক চৰম শাস্তি প্ৰদান কৰাৰ কাৰণ উল্লেখ কৰি সংবাদমাধ্যলৈ বিবৃতি আলফা (স্বাঃ)ৰ ৷ সংগঠন বিৰোধী একাধিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 3 অক্টোবৰ: অৱশেষত আলফা স্বাধীনে স্পষ্ট কৰিলে সংগঠনটোৰ দুই সদস্য লাচিত হাজৰিকা ওৰফে প্ৰাক্তন উপ-সভাপতি এ.জেদ শিৰোনাম অসম আৰু নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমৰ মৃত্যুদণ্ডৰ কাৰণ ৷

এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি জাৰী কৰি মৃত্যুদণ্ড দিয়াৰ সৱিশেষ উল্লেখ কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য যে সংগঠন বিৰোধী, ষড়যন্ত্ৰ, অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰা আদি একাধিক অপৰাধ সংঘটিত কৰাৰ অভিযোগত দুয়োকে সংবিধান অনুসৰি চৰম শাস্তি প্ৰদান কৰা বুলি উল্লেখ কৰিছে সংগঠনটোৱে ৷

আলফা (স্বাঃ)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰ সন্বলিত প্ৰেছ বিজ্ঞপ্তিত আলফা (স্বাঃ)ই উল্লেখ কৰা অনুসৰি 10 টাতকৈ অধিক সংগঠন বিৰোধী কাৰ্যকালপত লিপ্ত আছিল দুয়ো ৷

ইয়াৰ ভিতৰত আলফা (স্বাঃ)ই উল্লেখ কৰিছে যে ভাৰতীয় চোৰাংচোৱা বাহিনীক সহযোগ কৰা, মহিলা সৈনিকৰ দ্বাৰা সতীৰ্থক ভীতি-দোহন (Blackmailing) কৰি শত্ৰুপক্ষৰ ওচৰত অস্ত্ৰসহ আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰোৱা, শিবিৰৰ পৰা পলায়ন কৰা সদস্য আটক হোৱাৰ পিছত বুজনি দিয়াৰ পৰিবৰ্তে বাদ-বিচাৰ নকৰাকৈ তথা বিচাৰ সদনত উপস্থিত নকৰোৱাকৈ আটক কৰা স্থানত অনুমতিবিহীনভাৱে হত্যা কৰি অসম আৰক্ষীৰ দৰে ভুৱা সংঘৰ্ষত মৃত্যু হোৱা বুলি ঊৰ্দ্ধতন কৰ্তৃপক্ষক ভুল তথ্য দি সংগঠনক বিপথে পৰিচালিত কৰা আদি কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছিল দুয়োৰে বিৰুদ্ধে ৷

ইয়াৰ উপৰিও সংগঠনটোৱে উল্লেখ কৰে যে-চেতিয়া আৰু দেউৰী উপাধিৰ অসম আৰক্ষী অধীক্ষক পৰ্যায়ৰ শীৰ্ষ বিষয়া আৰু ভাৰতীয় সেনা বিষয়াৰ দ্বাৰা প্ৰভাৱিত হৈ মৃত্যুদণ্ড প্ৰাপ্ত দুয়োগৰাকীয়ে জানি-বুজি সংগঠনৰ অস্ত্ৰ-শস্ত্ৰ, ৰেডিঅ’ আদি বিকল কৰি ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা, বিনা বিচাৰ তথা ঊৰ্দ্ধতন কৰ্তৃপক্ষৰ অনুমতিৰ অবিহনে সৰু সৰু কথাত সদস্য/সদস্যাসকলক নিষিদ্ধ বেত্ৰাঘাতৰ দৰে শাৰীৰিক উৎপীড়ন চলোৱা আৰু ভিত্তিহীন কথা শিবিৰত প্ৰচাৰ কৰা, সৈনিক সদস্যাসকলক ভীতি-দোহন কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা, দুয়োজনে মিলি শিবিৰত মতানৈক্য আৰু বিভেদ সৃষ্টি কৰি বাকী সদস্য/বিষয়াসকলক বশ কৰাৰ অভিসন্ধিত লিপ্ত হোৱা, সংগঠনে ব্যৱহাৰ কৰা গোপন পথসমূৰ তথ্য শত্ৰুপক্ষক যোগান ধৰা, নতুন সদস্যক পলায়নৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে গোপন পথ আৰু অন্যান্য সুবিধাসমূহ প্ৰদান কৰা, শিবিৰৰ এক বৃহৎ দলক একত্ৰিত্ব কৰি অস্ত্ৰ-শস্ত্ৰসহ শত্ৰুপক্ষৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ যো-জা চলোৱাকে আদি কৰি সোতৰটাকৈ অধিক গুৰুতৰ অপৰাধ সংঘটিত কৰাত বিগত 30 আগষ্ট 2023 তাৰিখে এ. জেদ. শিৰোনাম অসমক গ্ৰেপ্তাৰ কৰা হয় ৷

লগতে সংগঠনটোৱে কয় যে উচ্চ পৰিষদৰ উপ-সভাপতি লেফেটেনেণ্ট জেনেৰেল মাইকেল অসম, নিম্ন পৰিষদৰ সভাপতি মেজৰ জেনেৰেল নয়ন অসম আৰু নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰিগেডিয়াৰ অৰুণোদয় অসমৰ নেতৃত্বত বিচাৰ সদন আৰম্ভ হয় আৰু সেই সদনতেই অভিযুক্তই সকলো অপৰাধ নিজমুখে স্বীকাৰ কৰে লগতে বৰ্ণালী অসমো তেওঁৰ পৰিকল্পনাৰ মূল অংশীদাৰ বুলি স্বীকাৰ কৰাত 9 ছেপ্তেম্বৰ 2023 তাৰিখে বৰ্ণালী অসমক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হয় ৷

সেই জেৰাৰ সময়ত অসম আৰক্ষী আৰু সেনা বাহিনীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা বৰ্ণালী অসমে নিজে স্বীকাৰ কৰি অপৰাধৰ সত্যতা প্ৰমাণিত কৰাত সংগঠনৰ বিচাৰ সদনৰ দ্বাৰা যোৱা 18 ছেপ্টেম্বৰ তাৰিখে মৃত্যুদণ্ডৰ নিৰ্দেশনা জাৰি কৰা হয় ৷

বিজ্ঞপ্তিত সংগঠনটোৱে আৰু উল্লেখ কৰে যে এ. জেদ. শিৰোনাম অসমে 2018 চনত টাগাৰ চলমান মুখ্য কাৰ্য্যালায়তো বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হোৱাৰ বাবে এবছৰৰ সশ্ৰম শাস্তি প্ৰদান কৰি খিতাপ অৱনমন কৰা হৈছিল ৷

আনহাতে প্ৰাথমিক সামৰিক প্ৰশিক্ষণৰ মাজভাগত বৰ্ণালী অসমে এক জঘন্য অপৰাধ সংঘটিত কৰিছিল ৷ দুয়োৱে বিগত সময়ত কৰা অপৰাধৰ আত্মসংশোধনৰ বাবে একাধিকবাৰ সুযোগ প্ৰদান কৰা হয় যদিও পুনঃ পুনঃ সংগঠন বিৰোধী কাৰ্যত লিপ্ত থকাৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ সাধাৰণ বিচাৰপীঠে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 20 ছেপ্টেম্বৰ তাৰিখে দুয়োকে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় উল্লেখ কৰিছে সংগঠনটোৱে ৷

সংগঠনটোৱে গ্ৰহণ কৰা এই কঠোৰ সিদ্ধান্তৰ কাৰণ এইদৰেই সংবাদমাধ্যমলৈ বিজ্ঞপ্তি প্ৰেৰণ কৰি সদৰী কৰা হৈছে ৷ ইয়াকে লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: Capital punishment to top ULFA leader: ম্যানমাৰৰ আলফা শিবিৰত শীৰ্ষ আলফা নেতা লাচিতসহ দুজনক মৃত্যুদণ্ডৰ শাস্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.