ETV Bharat / state

2004 Dhemaji Blast: ধেমাজি কাণ্ডৰ ৰায়দান সন্দৰ্ভত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:33 PM IST

২০০৪ চনৰ ধেমাজি বিস্ফোৰণ কাণ্ডৰ ৬ দোষমুক্ত ঘোষণা কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ইয়াৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা নেতা অনুপ চেতিয়াই ৷ ‘‘সশস্ত্ৰ বিপ্লৱ কৰিলে অস্ত্ৰৰ ঝনঝননি থাকিবই আৰু তাত তেজৰ নৈ ববই,’’ মন্তব্য অনুপ চেতিয়াৰ ৷

2004 Dhemaji Blast
2004 Dhemaji Blast
২০০৪ চনৰ ধেমাজি বিস্ফোৰণ কাণ্ডৰ ৬ দোষমুক্ত ঘোষণা

গুৱাহাটী, ২৪ আগষ্ট: ২০০৪ চনৰ ১৫ আগষ্টৰ বিশ্ব কঁপোৱা ধেমাজি বোমা বিস্ফোৰণ ঘটনাৰ অভিযুক্ত সকলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দোষমুক্ত ঘোষণা কৰিলে । বৃহস্পতিবাৰে ন্যায়ালয়ে দিয়া এই ৰায়দান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে ধেমাজি বোমা বিস্ফোৰণ সংক্ৰান্তত বিচাৰ বিভাগে উচিত বিচাৰেই কৰিছে । তদন্তকাৰী বিষয়াসকলৰ গাফিলতিৰ বাবেই অভিযুক্তসকল এনেদৰে ওলাই আহিবলৈ সক্ষম হৈছে । অভিযোগ সন্দৰ্ভত তদন্তকাৰী বিষয়াসকলে উপযুক্ত তথ্য-প্ৰমাণ দিব পৰা নাই ।

তেওঁ লগতে কয় যে ধেমাজিৰ বোমা বিস্ফোৰণৰ ঘটনাত অভিযুক্ত কেইজন কিমানখিনি জড়িত তথা কোন জড়িত নহয় সেই সম্পৰ্কে তেওঁ নিৰ্দিষ্ট কৈ ক'ব নোৱাৰে । কাৰণ সেই সময়ত তেওঁ বাংলাদেশৰ কাৰাগাৰত বন্দী হৈ আছিল । বাংলাদেশৰ কাৰাগাৰত থকা সময়ত ঘটনাটো সম্পৰ্কে অৱগত হৈছিল বুলি সদৰী কৰি তেওঁ কয় যে সেই সময়ত এই কামটো গৰ্হিত তথা নিকৃষ্ট হোৱা বুলি তেওঁ নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছিল ।

আনকি তেওঁ সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বকো নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছিল আৰু কেন্দ্ৰীয় নেতৃত্বয়ো কামটো বেয়া হোৱা বুলি অনুতপ্ত হৈছিল বুলি তেওঁ কয় । ধেমাজিৰ বৰ্বৰ হত্যাকাণ্ড সন্দৰ্ভত তেওঁ কয় যে আমি আমাৰ ভুল স্বীকাৰ কৰিছো আৰু হেৰুওৱাখিনি আমি কেতিয়াও ঘূৰাই দিব নোৱাৰো । ন্যায়ালয়ে দোষমুক্ত কৰা অভিযুক্তকেইজনৰ ক্ষেত্ৰত মানৱতাৰ খাতিৰত বিবেচনা কৰিবৰ বাবে তেওঁ কণ কণ শিশুক হেৰুওৱা সেই ভুক্তভোগী পৰিয়ালসমূহৰ প্ৰতি কাতৰ আহ্বান জনায় ।

তেওঁ লগতে কয় যে সশস্ত্ৰ বিপ্লৱ কৰিলে অস্ত্ৰৰ ঝনঝননি থাকিবই আৰু তাত তেজৰ নৈ ববই । কলমৰ জৰিয়তে নিৰস্ত্ৰ সংগ্ৰাম কৰিলে কলমৰ আখৰ মোহাৰি সলনি কৰিব পৰা যায় । কিন্তু অস্ত্ৰৰ পৰা এটা গুলী ওলাই গ'লে তাক ঘূৰাই আনিব নোৱাৰি । গতিকে সশস্ত্ৰ সংগ্ৰামত তেজৰ নৈ ববই বুলি তেওঁ কয় । ইয়াৰ বাবে অনুশোচনা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে আমি পৰিৱৰ্তন বিচাৰিছিলো । সেই পৰিৱৰ্তনটোত তেওঁলোক একেবাৰে অসফল হোৱা নাই বুলি সদৰী কৰি তেওঁ কয় যে পৰিৱৰ্তনৰ কিছু হ'লেও আভাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল বুলি আমি ভাৱো আৰু ইয়াৰ বাবে নিজকে গৌৰৱবোধো কৰো ।

কিন্তু একেবাৰে শেষ পৰ্যায়লৈকে সাৰ্বভৌমত্ব আনিব নোৱাৰাৰ কথাটো স্বীকাৰ কৰো বুলি তেওঁ কয় । উল্লেখ্য যে ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা । স্বাধীনতা দিৱসৰ দিনা বোমা বিস্ফোৰণ ঘটাইছিল আলফাই । সেই বিস্ফোৰণত ১৮ টি কণ কণ শিশুৰ মৃত্যু হৈছিল । এই ঘটনাত মুঠ ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে । ইয়াৰে চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু দুজনক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল । কিন্তু অৱশেষত আজি ছয়জনকে দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক: Protest in Lakhimpur : ধেমাজি কাণ্ডৰ অভিযুক্ত দোষ মুক্ত; লখিমপুৰত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.