ETV Bharat / state

মাদ্ৰাছা বন্ধৰ বিধেয়কৰ বিৰুদ্ধে ন্যালয়ৰ দ্বাৰস্থ হ’ব এ আই ইউ ডি এফ

বুধবাৰে বিধানসভাত প্ৰায় দুঘন্টা বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ অন্তত ইয়াক গৃহীত কৰা হয়। দুই বিৰোধী দল এআইইউডিএফ আৰু কংগ্ৰেছে এই বিধেয়কখনৰ তীব্ৰ বিৰোধ কৰাৰ লগতে ইয়াক চিলেক্ট কমিটিলৈ প্ৰেৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যদিও সদনত বিৰোধীৰ দাবী-অনুৰোধক সম্পূৰ্ণৰূপে নস্যাৎ কৰে চৰকাৰে ।

author img

By

Published : Dec 30, 2020, 9:43 PM IST

বিধানসভাত গৃহিত মাদ্ৰাছা বন্ধৰ বিধেয়ক:ন্যালয়ৰ কাষ চাপিব এ আই ইউ ডি এফ

গুৱাহাটী,৩০ ডিচেম্বৰ : বহু বাদানুবাদ, বিতৰ্কৰ অন্তত বিধানসভাত বুধবাৰে গৃহিত হ'ল অসমত চৰকাৰী মাদ্ৰাছা বন্ধৰ বিধেয়ক। সদনত ২৮ ডিচেম্বৰত এই বিধেয়কখন উত্থাপন কৰা হৈছিল । আজি বিধানসভাত প্ৰায় দুঘন্টা বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ অন্তত ইয়াক গৃহীত কৰা হয়। দুই বিৰোধী দল এ আই ইউ ডি এফ আৰু কংগ্ৰেছে এই বিধেয়কখনৰ তীব্ৰ বিৰোধ কৰাৰ লগতে ইয়াক চিলেক্ট কমিটিলৈ প্ৰেৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যদিও সদনত বিৰোধীৰ দাবী-অনুৰোধক সম্পূৰ্ণৰূপে নস্যাৎ কৰে চৰকাৰে ।

বিধানসভাত গৃহীত মাদ্ৰাছা বন্ধৰ বিধেয়ক:ন্যালয়ৰ কাষ চাপিব এ আই ইউ ডি এফ

আনহাতে, এনে এখন বিধেয়ক সদনত গৃহীত হোৱাৰ বাবে আজিৰ দিনটো "ক’লা দিন" বুলি অভিহিত কৰিছে এআইইউডিএফে । তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এআইইউডিএফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, হাফিজ ৰফিকুল ইছলাম আৰু আমিনুল ইছলামে কয় যে, চৰকাৰী ধনেৰে মাদ্ৰাছাত ধৰ্মীয় শিক্ষা দিয়া নহ’ব বুলি শিক্ষামন্ত্ৰীয়ে কৈছে । কিন্তু পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আদি বহু ৰাজ্যত চৰকাৰী ধনেৰেই মাদ্ৰাছা চলি আছে । অসমত চৰকাৰখনে আজি গাৰ জোৰেৰে বিধানসভাত মাদ্ৰাছা বন্ধৰ বিধেয়কখন গৃহীত কৰিলে বুলি মন্তব্য কৰি তিনিওগৰাকী বিধায়কে কয় যে, চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে এআইইউডিএফে ন্যালয়ৰ কাষ চাপিব ।

বিধানসভাত গৃহীত মাদ্ৰাছা বন্ধৰ বিধেয়ক: ন্যালয়ৰ কাষ চাপিব এ আই ইউ ডি এফ
লগতে পঢ়কঃ ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানক নাকি লগাবলৈ বিধানসভাত গৃহীত বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.