ETV Bharat / state

সাতগাঁও আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ দুই গভাইত চোৰ

author img

By

Published : May 18, 2022, 2:09 PM IST

চোৰৰ বিৰুদ্ধে সাতগাঁও আৰক্ষীৰ সফল অভিযান । নোৱাপাৰাৰ পৰা চুৰি সামগ্ৰীসহ দুটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Satgao police arrested two thieves)। চুৰি সামগ্ৰী বিক্ৰী কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ অভিযান । চোৰ দুটাক জেললৈ প্ৰেৰণ ।

Assam Police
সাতগাঁও আৰক্ষীৰ জালত দুই গভাইত চোৰ

গুৱাহাটী,১৮ মে' : অভিজাত গুৱাহাটী মহানগৰীত চোৰৰ উপদ্ৰৱ পুনৰ বৃদ্ধি পাইছে (Incidents of looting in Guwahati city increase)। মহানগৰীৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে চোৰে চলাইছে লুট-পাত । শেহতীয়াকৈ সাতগাঁও অঞ্চলত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । চোৰৰ অতপালি ৰোধ কৰাত ব্যৰ্থ স্মাৰ্ট মহানগৰ আৰক্ষী ।

অৱশ্যে এইবাৰ সাতগাঁও আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে (Satgaon police raid against thief)। এক পুৰণি চুৰিকাণ্ড সন্দৰ্ভত অভিযান চলায় আৰক্ষীয়ে দুটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হৈছে (Satgao police arrested two thieves)। সোমবাৰে নিশা অভিযান চলাই সাতগাঁও নোৱাপাৰাৰ পৰা চুৰি সামগ্ৰীসহ চোৰ দুটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত চোৰ দুটা দৰং জিলাৰ দলগাঁৱৰ নুৰ আলী আৰু নগাঁৱৰ ধিঙৰ ৰিয়াদুল ইছলাম বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ধৃত চোৰ দুটাই কিছুদিন পূৰ্বে সাতগাঁও আমবাৰীৰ আমানুৰ আলী নামৰ লোকজনৰ বাসগৃহৰ গ্ৰীলৰ তলা ভাঙি ঘৰৰ ভিতৰত পৰা পিতলৰ সামগ্ৰী আৰু বহু মূল্যৱান সা-সামগ্ৰী চুৰি কৰিছিল ।

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে সাতগাঁও থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল সাতগাঁও আৰক্ষীয়ে । তাৰ মাজতে নিশা চোৰ দুটাই চুৰি সামগ্ৰীখিনি বিক্ৰী কৰাৰ বাবে সাতগাঁও নোৱাপাৰত বাহৰ পাতি থকাৰ উমান পাই আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীয়ে চোৰ দুটাৰ পৰা বহু পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মঙলবাৰে ধৃত চোৰ দুটাক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতৰ নিৰ্দেশ মৰ্মে জেললৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :ৰাইজৰ পৰা বাচিবলৈ ভৰলু নৈত জাঁপ দিলে এটা চোৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.