ETV Bharat / state

পুনৰ জাল নোটসহ দুগৰাকীক আটক গীতানগৰ আৰক্ষীৰ

author img

By

Published : Aug 7, 2021, 10:39 PM IST

জাল নোট প্ৰস্তুতকাৰী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান মহানগৰ আৰক্ষীৰ ৷ শুকুৰবাৰে নিশা পুনৰ এক অভিযান চলাই জাল নোটসহ দুগৰাকীক আটক কৰিবলৈ সক্ষম হয় গীতানগৰ আৰক্ষীয়ে।

FAKE CURRENCY
পুনৰ জাল নোট সহ দুগৰাকীক আটক গীতানগৰ আৰক্ষীৰ

গুৱাহাটী, ৮ আগষ্ট : জাল নোট প্ৰস্তুতকাৰী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । কিছুদিন পূৰ্বে গীতানগৰ আৰক্ষীয়ে গীতানগৰৰ শিৱনগৰ পথত অভিযান চলাই জাল নোট প্ৰস্তুতৰ ঘাঁটি উৎখাত কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত দুজন লোকক আটক কৰাৰ পিছত পোহৰলৈ আহিছে ন ন তথ্য ।

এই অভিযানৰ অংশ হিচাপে শুকুৰবাৰে নিশা পুনৰ এই চক্ৰটোৰ লগত জড়িত আন দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গীতানগৰ আৰক্ষীয়ে (Gitanagar Police)। আটকাধীন লোককেইজনে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ জাপৰিগোগৰ হাউচ নং ৩৪ ৰ পৰা জাল নোট প্ৰস্তুতকাৰী মিনাক্ষী দাস আৰু নয়নপুৰৰ ১ নং উপপথৰ পৰা দেনজিত দাসক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: গুৱাহাটীত জালনোটসহ আটক দুই মহিলা

ধৃতলোক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবাখনো ৫০০ টকীয়া জাল নোট সহ দুটাকৈ মোবাইল ফোন আৰু কিছু আপত্তি জনক নথি পত্ৰ ।

ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে জাল নোট প্ৰস্তুতকাৰী অভিযুক্ত দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩১০/২০২১/ ১২০বি/৪৮৯ (এ)৪৮৯(বি) ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মন কৰিবলগীয়া কথা এই যে, সাংবাদিকতাৰ পৰিচয় পত্ৰৰ লগতে অসম বিধানসভা অধিবেশনৰ প্ৰেছ গেলাৰীৰ প্ৰেছ কাৰ্ডৰ অপব্যৱহাৰ কৰি জাল নোট প্ৰস্তুত কৰা উক্ত চক্ৰটোৰ অন্যতম মাষ্টৰ মাইণ্ড বকোৰ আজমল হকৰ লগতে গীতানগৰৰ মামণি ৰয় বড়ো নামৰ এগৰাকী মহিলাক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেওঁলোকৰ পৰা কেইবালাখ টকাৰ জাল নোট, জাল নোট বনোৱা বিভিন্ন মেচিন জব্দ কৰিছিল আৰক্ষীয়ে ।

এই চক্ৰৰ আলমলৈয়ে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত জাল নোট সৰবৰাহ কৰা অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক:কলগাছিয়াত জাল নোটসহ দুজন সৰবৰহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.